প্ৰাৰ্থনা – পৰিতোষ চক্ৰৱৰ্তী

Pc NIV Bible

প্ৰাৰ্থনা

পৰিতোষ চক্ৰৱৰ্তী, গৰীয়সী পুথিভঁৰাল, মিৰ্জা

দলগোমা নামৰ জকাইচুকীয়া গাওঁখনৰ পৰা শৈলনগৰীত তেতিয়াই আমাৰ প্ৰাৰ্থনাৰ ভাষা –প্ৰভু মৰম বিলাই দিয়া সকলোকে, সকলো হৃদয়তে।
নেদেখা শক্তিৰ বহুত নাম
হিন্দু-মুছলিম-খৃষ্টান ভেদে
আমাৰ ওচৰত একো
নাছিল,
আছিল মাত্ৰ – “প্ৰাৰ্থনাৰ ভাষা”
অমানুহ‍ – চয়তানবোৰক কৃপা কৰা।
কোৱা নাছিলোঁ —
সিহঁতক ক্ষমা নকৰিবলৈ
কেতিয়াও কোৱা নাছিলোঁ
শৈলনগৰীতো বহুত বিপদ –  মানুহ মৰিছিল
কলেজৰ ছাত্র মৰিছিল  চয়তানৰ বন্দুকৰ গুলিত।
মই এঠাইত আছিলোঁ
মই এঠাইতে আছোঁ
সিহঁতে চোং সলাইছে
লুট কৰিব খোজে
বন্ধু হৈ – বন্ধুৰ মৰম-ভালপোৱা
বন্ধুৰ মান-সন্মান
আচলতে কথাবোৰ
কোৱা সময় নহয়
এতিয়া আকৌ সময়বোৰ দু:সময়।
পানীত ডুবি আছে আমাৰ মানুহ
এ কঁকাল পানী ঘৰৰ ভিতৰত
পানীত উঠিছে ঘৰৰ আচবাব- ফটাকানি
মানুহবোৰৰ ককবকনি
আকৌ ইমাৰজেন্সি
গো বেক ফৰেইনাৰছ্
বিৰাট সমদল, দীঘলীয়া সমদল
নো পিচ,নো সল্যুশ্যন
আকৌ আৰম্ভ
মানুহৰ মৰ্মস্পৰ্শী কান্দোন
ঘৰ জ্বলি হোৱা ছাইবোৰ লিৰিকি বিদাৰি –
সকলো নিৰুপায়
সাধাৰণ প্ৰজাগন
বিপদৰ পিছতো বিপদ আমাৰ
পানীত ডুবি আছিলোঁ
এতিয়া বুলডোজাৰেৰে ঘৰবোৰ ভাঙিয়েই আছে।
সৰু ডাঙৰ সকলো ভীতিগ্ৰস্ত
ভৱিষ্যত কি হ’ব ?
চয়তানৰ দলে অভিমত দিছে
হিচাপ চলিছে – হেনো
পাপ যিমান, ফল তেনেকুৱা
পুণ্যজন আমি,
অতি আয়াসত আছোঁ !
অসাধুৰ শাস্তি নহ’বনে
সাধু হোৱা বাবে – আমাৰ ভাল।
আচৰিত হও –
দুষ্টলোকৰ দুষ্কাৰ্য্য-
ভালতকৈ চলিছে আৰু ভাল
দুষ্টলোক পাপী – তথাপি পূণ্যজন।
সেয়ে এষাৰ  চিৰাচৰিত কথা
এতিয়া ‘সময়’ –  ‘দু:সময়’।
কবিতাত পঢ়িছোঁ-
দু:সময়ৰো শেষ থাকে
ক্ষমাৰ সময় – হুৰমুৰকৈ আহে
যদা-যদাহি  ধৰ্মস্য গ্লানি…
মোৰ প্ৰাৰ্থনা – সেই তেতিয়াই আৰম্ভ কৰা প্ৰাৰ্থনা –
জকাইচুকীয়া দলগোমাৰ পৰা শৈলনগৰীলৈ