প্ৰাৰ্থনাৰ আকৰ্ষন — মঞ্জুষা শৰ্মা

প্ৰাৰ্থনাৰ আকৰ্ষন

আজি বৰুৱা – বৰুৱানীক পাই কোনে ? অত দিনৰ মূৰত গাড়ীবোৰ চলিবলৈ লোৱাত বৰুৱানীৰ ভায়েক আৰু ভনীয়েকৰ ল’ৰা দুটা থকাকৈ আহিব | ইমান দিন অকলশৰে ঘৰতে আবদ্ধ হৈ থাকি আমনি লাগিছিল | সেয়ে দুয়ো ব্যস্ত | তাতে আজি মাধৱদেৱৰ তিথিও | বৰুৱাই বজাৰ খিনি কৰি আনি দি সোনকালে আজৰি হ’বলৈ ক’লে | বৰুৱানীয়েও গা – পা ধুই সন্ধ্যা চাকি – বন্তি জ্বলাই প্ৰাৰ্থনা এফাঁকি গাবলৈ ধৰিলে | সেই সময়তে দুয়োটা ল’ৰা আহি জেঠপেহাকৰ লগত বাহিৰৰ ৰূমতে বহি প্ৰাৰ্থনা শুনিবলৈ ধৰিলে | ৰিবে ক’লে জেঠাইৰ মাতটো বৰ ধুনীয়া নহয়নে ৰাজা | তেনেকুৱাতে জেঠায়ে হাতত ধূপডাল লৈ দেখে ৰিব আৰু ৰাজা আহি বহি আছে জেঠপেহাকৰ লগত কথা পাতি | লৰালৰিকৈ সিহঁতৰ বাবে সাজু কৰি থোৱা খোৱা বস্তুবোৰে টেবুল ভৰাই পেলালে | তেওঁ কামৰ মাজৰ পৰাই সিহঁতক কোনে থলেহি সুধিলে ? সিহঁতক দেউতাকে থলেহি বুলি ক’লে | তাকে শুনি তেওঁ বিষন্ন মনেৰে নিজে নিজকে ক’লে মইহে প্ৰাৰ্থনা কৰি থাকোতেই গ’ল , তাৰ আকৌ সময়েই নাই নহয় ! আহা আহা সকলো , সন্ধ্যাৰ চাহ খাই লওঁ | চাহৰ মেজত জেঠায়ে ক’লে – আমি জানা সৰুৰে পৰাই সন্ধ্যাৰ আগে আগে ভৰি – হাত ধুই কাপোৰ – কানি সলাই চিঞঁৰি চিঞঁৰি প্ৰাৰ্থনা কৰো দিনবোৰ যাতে ভাল হয় | সেইবোৰ আমাক আমাৰ মায়ে শিকাইছিল , লগতে সময়মতে নিজৰ কামবোৰ নকৰিলে দেউতায়ে বেয়া পাব আৰু খঙ উঠিলে তেওঁ আমাক সহায় কৰিব নোৱাৰো বুলি কৈছিল | সেয়েহে আমি সদায় আমাৰ সকলো কাম সময়মতে সুচাৰুৰূপে কৰি গৈছিলো | ৰাতিপুৱা সোনকালে উঠি গা – পা ধুই গোঁসাই ঘৰত সোমাই অহাৰ পিছতহে ৰুটি চাহ খাবলৈ দিছিল | তেতিয়াৰ দিনত বিজুলী – বাতিৰ কোনো ব্যৱস্থাই নাছিল | সন্ধ্যা হোৱাৰ পিছত বাট – পথবোৰ জোনাকী পৰুৱা আৰু কিছুমান মানুহৰ ঘৰৰ লেম্পৰ ঢিমিক – ঢামাক পোহৰেৰে পোহৰ হৈছিল | সন্ধ্যাৰ সময়ত প্ৰত্যেকৰ ঘৰতে চাকি দিয়াৰ লগতে কাৰোবাৰ ঘৰৰ পৰা ডবা – শঙ্ঘ – কাঁহ – ভোৰতাল – প্ৰাৰ্থনা আদিৰ শব্দই পৰিবেশটো সুন্দৰ কৰি তুলিছিল | এই প্ৰাৰ্থনাৰ মূল কথাই হৈছে ঈশ্বৰৰ ওচৰত আত্নসমৰ্পণ কৰা | প্ৰাৰ্থনাই মানুহৰ মনলৈ সকলোৰে প্ৰতি প্ৰেম ভাৱ জগাই তোলে | আমাৰ দেশৰ এই নিয়মটো বিদেশৰ এগৰাকী মহীয়সী মহিলাই খুব সমৰ্থন কৰিছিল আৰু সেই নিয়মটো সদায় চলি থকাটো বিচাৰিছিল | সেই গৰাকী কোন জানানে ? সেই গৰাকীয়েই হৈছে সকলো সময়তে দৰিদ্ৰ – আৰ্তজনৰ ওচৰত থিয়হৈ সহায়ৰ হাত আগবঢ়োৱা সুদূৰ ইউৰোপৰ পৰা আহি ভাৰতীয় হৈ পৰা আমাৰ চিৰনমস্য – চিৰকুমাৰী – সন্ন্যাসিনী মাদাৰ টেৰেছা | আজিৰ এই ২৭ আগষ্টৰ দিনটোতেই ইউৰোপৰ য়ুগোশ্লোভিয়াৰ স্কপেজ চহৰত ১৯১০ চনত মাদাৰ টেৰেছাই জন্ম গ্ৰহণ কৰিছিল | খ্ৰীষ্টান ধৰ্মৰ ৰোমান কেথলিক গোটৰ এলবেনিয়ান জাতিৰ মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছিল | সৰুতে তেওঁৰ নাম আছিল এগনেছ | এগনেছৰ প্ৰায় চাৰিবছৰ নৌ হওঁতেই পিতৃৰ মৃত্যু হয় | তেতিয়াৰ পৰাই বহু কষ্ট মাজেদি মাকে তিনিওটি সন্তানক ডাঙৰ – দীঘল কৰে | সৰুৰে পৰাই এগনেছ ধাৰ্মিক স্বভাৱৰ আছিল | স্কুলত থাকোতেই ” মেৰীৰ ছদেলিতি ” নামৰ ধাৰ্মিক অনুষ্ঠান এটিৰ লগত জড়িত হৈ পৰিছিল | তাৰ পিছত তেওঁ “লৰেটো ” নামৰ খ্ৰীষ্টীয় সংস্থাত যোগ দিয়ে | এইটো হ’ল মঠ নিবাসী সন্যাসিনী ভগ্নীসকলৰ সংগঠন | এই সংস্থাৰ স্কুল কলিকতা আৰু দাৰ্জিলিঙত আগৰ পৰাই আছিল | ১৯২৮ চনত এগনেছ ভাৰতৰ দাৰ্জিলিঙলৈ আহিছিল | তাত তেওঁ শিক্ষয়িত্ৰীৰূপে জীৱন আৰম্ভ কৰে | তাৰ পিছত কলিকতাৰ “লৰেটো” ৰ লগৰে ” চেণ্ট মেৰীজ কনভেণ্ট ” ত বহু বছৰ শিক্ষকতা কৰিছিল | সেই সময়তে তেওঁ আনুষ্ঠানিকভাৱে মঠৰ ভগ্নী হোৱাৰ সংকল্প লৈ প্ৰতিজ্ঞাবদ্ধ হোৱাত এগনেছ “মাদাৰ টেৰেছা” নামেৰে পৰিচিত হৈ পৰে | ফৰাচী দেশৰ এগৰাকী সন্যাসিনীৰ নাম অনুসৰি এই নতুন নামাকৰণ কৰা হৈছিল | মাদাৰ টেৰেছাই ছাত্ৰীবোৰক লৈ কলিকতাৰ ” নীলৰতন চৰকাৰ ” হস্পিতেলৰ অনাথ বেমাৰীবোৰক চোৱাৰ লগতে এষাৰ মৰমৰ মাত দি উৎসাহিত কৰিছিল | তাৰ সমানে সমানে স্কুলৰ পিছ ফালে থকা “মতিঝীল ” বস্তিৰ লোকক সহায় কৰাৰ লগতে তাৰ ল’ৰা – ছোৱালীৰ মাজত শিক্ষাৰ পোহৰ বিলাইছিল | মাদাৰ টেৰেছাই কঠোৰ অনুশাসন মানি চলিছিল | দৰিদ্ৰসকলৰ কথা চিন্তা কৰিয়েই তেওঁ ” কনভেণ্ট”ৰ পোছাক পৰিহাৰ কৰি নীলা পাৰিৰ বগা কপাহী শাৰী পিন্ধোতে কান্ধত যীশুৰ ক্ৰচডাল পিনত লগাই মাৰিছিল | এনেদৰেই তেওঁ এগৰাকী ভাৰতীয় নাৰী হৈ পৰিছিল | ১৯৪৬চনৰ ১০ চেপ্তেম্বৰ দিনটোত কাচেঙত নিজৰ জীৱন দুখীজনৰ বাবে উছৰ্গা কৰাৰ বাবে সেই দিনটো সংস্থাৰ ভগ্নী সকলে অনুপ্ৰেৰণা দিৱস হিচাপে পালন কৰে | ১৯৫০ চনত “মিছনেৰী অৱ শ্যেৰিটি ” নামৰ এটা সংস্থা স্থাপন কৰে | মানৱ সেৱাৰ লগতে ধাত্ৰী বিদ্যা শিক্ষাৰ বাবে পাটনালৈ যায় | পাটনাৰ পৰা ঘূৰি আহি বয়সস্থ মানুহৰ আশ্ৰয় গৃহ ” চেণ্ট জোচেফ হোম ” লৈ যায় | এই আশ্ৰয় ঘৰটো ” লিটল চিষ্টাচ” নামৰ খ্ৰীষ্টান সন্যাসিনী ভগ্নীৰ এটা সংস্থাই চলাইছিল | তাৰোপৰি তেওঁ শিশু ভৱন , শ শ প্ৰাথমিক স্কুল , শ শ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ , কুষ্ঠ ৰোগীৰ আশ্ৰম আদি বহুতো কাৰ্য সাহসিকতাৰে কৰিছিল | তেওঁৰ মতে মানুহ ৪:৩০ বজাত উঠি দুঘণ্টা প্ৰাৰ্থনা কৰি ৰুটি চাহ খাই দৰিদ্ৰজনৰ ওচৰত থিয় হ’ব লাগে | মাদাৰ টেৰেছাই ” অপৰিগ্ৰহ ” ৰ আদৰ্শক বিশ্বাস কৰিছিল | ইয়াৰ অৰ্থ প্ৰয়োজনতকৈ অধিক সংগ্ৰহ কৰিব নালাগে | কলিকতাৰ ” জগদীশ বোস ৰোড”ত ” মাতৃ ভৱন ” ( মাদাৰ টেৰেছা ) ৰ কাষতে “নিৰ্মলা শিশু ভৱন ” স্থাপন কৰে | কালীঘাটৰ ওচৰত “নিৰ্মল হৃদয় ” নামৰ কুষ্ঠৰোগীৰ আশ্ৰয় গৃহ নিৰ্মাণ কৰে | মাদাৰ টেৰেছাই দৰিদ্ৰ , ৰোগী , অৱহেলিত , আশ্ৰয়হীন , কেও- কিছু নোহোৱাজনৰ প্ৰতি কৰা ব্যৱহাৰৰ বাবে প্ৰথমে ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে তেওঁক সন্মান জনায় | তাৰ পিছত টেম্পলটন , ১৯৭৯ চনত নোবেল পুৰস্কাৰ , শেষত ভাৰতৰ সৰ্বোচ্চ সন্মান ” ভাৰত ৰত্ন” উপাধি প্ৰদান কৰে | আমিও তেওঁৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ প্ৰয়োজনতকৈ বেছি সংগ্ৰহ নকৰি , সকলোকে সমান মৰমেৰে আৱৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে | সেয়েহে মাদাৰ টেৰেছা আজি মৰিও অমৰ | মঞ্জুষা শৰ্মা | ……