প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে সোণাপুৰত উদ্বোধন বিজ্ঞান নগৰী 

প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে সোণাপুৰত উদ্বোধন বিজ্ঞান নগৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হ’ল । গুৱাহাটীৰ সোণাপুৰৰ টেপেচিয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বুকুত নিৰ্মাণ সম্পন্ন হোৱা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ‘বিজ্ঞান নগৰী’ মঙলবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ।উদ্বোধনী ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজি আমাৰ বাবে অত্যন্ত আনন্দৰ দিন।অসমে আজি বিজ্ঞান  আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত অতি শক্তিশালী হিচাপে প্ৰৱেশ কৰিলে। আমি সকলোৱে জানো যে বহুদিনৰ আগতে গুৱাহাটীত এটা তৰাগৃহ স্থাপন কৰিছিল। আজিও অসমৰ ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটীৰ তৰাগৃহ চাবলৈ যায় আৰু মহাকাশৰ অভিজ্ঞতা অর্জন কৰে।

তাৰ লগতে ভাৰত চৰকাৰে গুৱাহাটীৰ খানাপাৰাত বহুদিন পূর্বে ছায়েঞ্চ মিউজিয়াম এটা নিৰ্মাণ কৰিছিল। তাতো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী গৈ বিজ্ঞানৰ অভিজ্ঞতা অর্জন কৰে। তাৰ পাছতে আমাৰ এটা পৰিকল্পনা আছিল যে কলকাতাৰ মিউজিয়ামৰ দৰে গুৱাহাটীতো তেনেদৰে এটা ছায়েঞ্চ মিউজিয়াম নিৰ্মাণ কৰা হ’ব। কিন্তু তেতিয়া ৰাজ্যৰ আৰ্থিক অৱস্থাৰ বাবে তেনে বৃহৎ পৰিকল্পনা বাধাৰ প্ৰাচীৰ হৈ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ যেতিয়া গঠন হ’ল, তেতিয়া ভাৰত চৰকাৰে আমাক ছায়েঞ্চ মিউজিয়াম নিৰ্মাণৰ বাবে ১৪৪ কোটি টকা আগবঢ়ালে। সোণাপুৰৰ টেপেচীয়াত আমি বিজ্ঞান নগৰী স্থাপনৰ বাবে ২৫০ বিঘা মাটি পালোঁ। চাওঁতে চাওঁতে এটা সপোন আজি বাস্তৱত ৰূপায়িত হ’ল।

প্রায় ৩০০কোটি টকা খৰচ কৰি আজি আমাৰ যি বিজ্ঞান নগৰী নিৰ্মাণ হৈ উঠিছে, ই এক আনন্দৰ বিষয়। কলকাতাৰ পৰিসৰতকৈ আমাৰ সোণাপুৰৰ এই বিজ্ঞান নগৰীৰ পৰিসৰ বহুত বেছি। কলকাতাত ৪৫ একৰ আৰু আমাৰ ইয়াত ২৫০ বিঘা মাটিত ছায়েঞ্চ চিটী নিৰ্মাণ কৰিলোঁ। ৰাজ্য চৰকাৰে আজিলৈকে যিমান প্ৰকল্পৰ কাম কৰিছে, সেইসকলৰ ভিতৰত এইটো এটা অন্যতম। মই অসমৰ নৱপ্ৰজন্মৰ লগতে ছাত্র-ছাত্রীক অনুৰোধ কৰিম যে ছায়েঞ্চ চিটীলৈ আহক আৰু আমি বহু নজনা কথা জানিব পাৰিম। আৰু বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে যাতে আমি জ্ঞান অর্জন কৰিব পাৰোঁ। আমি ছায়েঞ্চ চিটীত বহি মহাকাশৰ বহু নজনা কথাৰ বিষয়ে জানিব পাৰিম। ইয়াত বহিয়ে কাজিৰঙাখন পৰীক্ষা কৰিব পাৰিম। এই ছায়েঞ্চ চিটীত কেইবাটাও নতুন নতুন বিজ্ঞানৰ বস্তু ৰখা হৈছে। আমি ইয়াৰ পৰাই চন্দ্ৰ আৰু মঙল গ্ৰহৰ অভিজ্ঞতা ল’ব পাৰিম। আৰু আছে মহাকাশৰ বহু নিৰীক্ষণ কৰা বস্তু। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে জানিব পৰা আহিলাও আছে। তদুপৰি লাচিত বৰফুকনে যি শৰাইঘাটৰ ৰণত জয়ী হৈছিল, সেইবোৰো এই ছায়েঞ্চ চিটীত বিজ্ঞান আৰু প্ৰযুক্তিৰে ইয়াক প্রদর্শনী হিচাপে ৰখা হৈছে। এতিয়া আমি চাব লাগিব যে এই গোটেই ব্যৱস্থা কিয় কৰা হৈছে। অসমত বিজ্ঞানৰ ছাত্ৰৰ বাবে বহুত বেছি সুবিধা কৰা হৈছে। ফাইভ জিৰ বাবে আজি আমি বঙাইগাঁও, মাজুলীকে আদি কৰি কেইবাঠাইতো বিজ্ঞান নগৰী মুকলি কৰিব পাৰিছোঁ। এইবোৰ চিন্তা আমাৰ দৰে এচাম বিজ্ঞানীয়ে কৰিছে। ইপিনে, তেওঁ কয় যে অসমত বহুদিন ধৰি কিয় বৰষুণ হোৱা নাই, তাৰ বিষয়ে আজি জানিবলৈ হ’লে আমি জলবায়ুৰ বিষয়ে জানিব লাগিব। এই ছায়েঞ্চ চিটীৰ জৰিয়তে আমি সেইবোৰৰ বিষয়ে জানিব পাৰিম।

বহু ল’ৰা-ছোৱালীয়ে বহু নজনা কথা জানিব বিচাৰে। কিন্তু মাক-দেউতাকে সেইবোৰৰ বিষয়ে গুরুত্ব দিব নিবিচাৰে। কিন্তু সৰুতে যিবোৰ কথা জানিব বিচাৰে, সেইবোৰ জানিবৰ বাবে সুবিধা কৰি দিব লাগে মাক-দেউতাকে। তাৰ পৰাই কেতিয়াবা বিজ্ঞানী হয়। য’ত আজি আমি অসমৰ নতুন প্ৰজন্মৰ বাবে এই ছায়েঞ্চ চিটীখন নিৰ্মাণ কৰিছোঁ। ইমান ধুনীয়া ছায়েঞ্চ চিটী ভাৰততে নাই। এই ছায়েঞ্চ চিটীৰ লগত যাতে অসমৰ প্ৰতিখন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সংযোগ থাকে। তেতিয়াহ’লে জাতিৰ বাবে এটা চিন্তা কৰাৰ দৰে হ’ব। আমি ছায়েঞ্চ চিটা চাব লাগে, কাৰণ জাতিৰ নির্মাণ আন্দোলনৰ জৰিয়তে নহয়, জ্ঞান আৰু প্ৰজ্ঞাৰ জৰিয়তেহে জাতিৰ নিৰ্মাণ হয়। আন্দোলনৰ জৰিয়তে আজিলৈকে কোনো জাতি নির্মাণ হোৱা নাই। যিয়ে আৱেগ সৃষ্টি কৰে সি আচলতে জাতিটোক পিছুৱাই নিয়ে। যিয়ে জ্ঞান সৃষ্টি কৰে, সিয়েহে জাটিটোক আগুৱাই নিয়ে। অসমৰ প্ৰতিগৰাকী ছাত্র-ছাত্রীয়ে এই ছায়েঞ্চ চিটা চাবলৈ আহিব লাগে। উল্লেখ্য যে ২৫০ বিঘা ভূমিত প্রায় তিনিশ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বিজ্ঞান নগৰীৰ শুভ উদ্বোধনী সভাৰ আদৰণী ভাষণ দিয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব পল্লর গোপাল ঝাই।

অনুষ্ঠানত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে সোণাপুৰৰ এই বিজ্ঞান নগৰী প্ৰকল্প কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে এটা উল্লেখযোগ্য প্রকল্প। য’ত যোগাযোগ, উদ্ভাৱন, জনসংযোগ আদি মানুহে পাৰস্পৰিক ভাৱে বিজ্ঞান শিকিব পাৰিব। বিজ্ঞান নগৰীৰ লক্ষ্য হৈছে- পাৰস্পৰিক প্ৰদৰ্শনৰ জৰিয়তে বৈজ্ঞানিক কৌতূহলৰ সৃষ্টি কৰা। সোণাপুৰৰ এই অঞ্চলত নির্মাণ হোৱা এই প্রকল্পই পাহাৰৰ শিখৰৰ পৰা এক মনোৰম দৃশ্য উপলব্ধ হ’ব। এই বিজ্ঞান নগৰীয়ে সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত সৃষ্টিশীলতা আৰু বৈজ্ঞানিক সজাগতাৰ সৃষ্টি কৰিব। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই বিজ্ঞান নগৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন আৰু ইয়ে জনসাধাৰণৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক সজাগতাৰ সৃষ্টি কৰিব। অনুষ্ঠানটোত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্রী কেশৱ মহন্ত, লোকনির্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল ঝা, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্রহালয় পৰিষদৰ সঞ্চালক প্রধান অৰিজিত দত্ত চৌধুৰী, অসম বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক তথা বিজ্ঞান নগৰী, গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ড° জয়দ্বীপ বৰুৱা, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্র, গুৱাহাটীৰ সঞ্চালক সুজয় মজুমদাৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু কেইবাশ শিক্ষার্থী উপস্থিত থাকে।