প্ৰায়শ্চিত্ত – নাজবিন চুলতানা

PC - Pickpik
প্ৰায়শ্চিত্ত
নাজবিন চুলতানা, পাটসাঁকো
সুখী নহয় কোনো আজিৰ
প্ৰেমৰ পৃথিৱীত,
সুখী নহয় আজিৰ
স্বাৰ্থৰ আপোনতাত,
পৰিণত হৈছে পৱিত্ৰ মনবোৰো
মতলবি জগতলৈ।
জয়গান সকলোৰে মুখে মুখে
সলনি হৈছে দিন,
সলনি হৈছে সময়,
কিন্তু পাকে পকাৰে
ওলাই পৰিছে মুখা পিন্ধা চক্ৰান্তৰ মাজমজিয়া।
ক্ষন্তেকীয়া সুখৰ ক্ষন্তেকৰে সুখ,
ৰৈ যায় জীৱনলৈ বগা কাপোৰৰ চেকা,
প্ৰেমৰ নামত কত চলনাত নিষ্পাপ বলি,
সুখৰ নামত কত হাঁহিৰ মৃত্যুৰ থলি।
নাই ভয় আজিৰ জীৱশ্ৰেষ্ঠ মানৱৰ
জীৱনৰ সৈতে খেলা,
নাই ভয় জীৱশ্ৰেষ্ঠ মানৱৰ
প্ৰাণ কাঢ়ি নিয়াৰ,
অসুৰ-দানৱৰ পাৰ্থক্য লুপ্তপ্ৰায়
মানৱৰ সৈতে…
নাই স্বীকাৰৰ দুখ চকুত,
নাই শাস্তিৰ ভয় বুকুত,
পৱিত্ৰতাৰে প্ৰায়শ্চিত্ত কৰা
আসুৰিক মনবোৰ
ধুৱাই নিয়া প্ৰায়শ্চিত্তৰ গংগাৰে
জগতৰ সমস্ত পাপ।