প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত কৰা অট ‘পছী ৰিপ’ৰ্টত ভয়ংকৰ তথ্য
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত এছআইটিয়ে বৃহৎ কলেবৰৰ অভিযোগনামা আদালতত দাখিল কৰাৰ পিছত শেহতীয়াকৈ ছিংগাপুৰৰ পৰা অহা অট’পছী প্রতিবেদনত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য। অট’ পছী প্রতিবেদনৰ চৰ্চিত খবৰ অনুসৰি মৃত্যুৰ পূৰ্বে মাত্ৰাধিক সুৰা সেৱন কৰোৱা হৈছিল জুবিন গাৰ্গক। সুৰাৰ পৰিমাণ ইমানেই বেছি আছিল যে একপ্রকাৰ অচেতন হৈ পৰিছিল শিল্পীগৰাকী। ছিংগাপুৰ আৰক্ষীয়ে চিকিৎসালয়ত কৰা উক্ত পৰীক্ষাৰ তথ্য অনুসৰি জুবিন গাৰ্গৰ তেজ আৰু প্ৰস্ৰাৱৰ নমুনা পৰীক্ষা কৰা হৈছিল। তেজৰ নমুনাত প্রতি ডেচিলিটাৰৰ ৩৩৩ মিলিগ্রাম ইথানলৰ উপস্থিতি ধৰা পৰাৰ লগতে প্ৰস্ৰাৱৰ নমুনাতো একেধৰণে প্রতি ডেচিলিটাৰত ৩৬৯ মিলিগ্রাম ইথানলৰ উপস্থিতি চিকিৎসকে লাভ কৰিছিল। এই সন্দৰ্ভত বিশেষ সূত্ৰই সদৰী কৰা মতে সাধাৰণতে একোগৰাকী সুস্থ মানুহৰ দেহত প্রতি ডেচিলিটাৰত ৮০ মিলিগ্রাম বা ততোধিক সুৰাৰ উপস্থিতি যদিহে তেজত ধৰা পৰে, তেন্তে যান-বাহন আইন অনুসৰি উক্ত লোকজনক সুৰাসক্ত বুলি গণ্য কৰি জৰিমনা বিহাৰ নিয়ম আছে। একেদৰে ১৫০-২০০ মিলিগ্রাম প্রতি ডেচিলিটাৰ তেজত ধৰা পৰিলে সুৰাপান কৰা ব্যক্তিজনৰ দৃষ্টিশক্তি খুঁৱলী-কুঁৱলী হৈ পৰে। অর্থাৎ সম্পূৰ্ণ সংজ্ঞাহীন হোৱাৰ দিশে ব্যক্তিজন আগবাঢ়ে বুলি সূত্রটোৱে জানিবলৈ দিছে। জুবিন গাৰ্গৰ ক্ষেত্ৰত এই পৰিমাণ তেজত ৩৩৩ মিলিগ্রাম আছিল। গতিকে স্বাভাৱিকতে সম্পূর্ণ অচেতন অৱস্থাত শিল্পীগৰাকীয়ে পানীত নামিছিল। এই অৱস্থাত সেই সময়ত শিল্পীগৰাকীয়ে কি কৰিছিল হয়তো তেওঁৰ মগজুৱেও ঢুকি পোৱা নাছিল। এনেদৰেই মাত্রাধিক সুৰাপান কৰোৱাই এক প্ৰকাৰ চেতনাহীন কৰি তিলতিলকৈ প্রিয় শিল্পীগৰাকীক মৃত্যুৰ মুখলৈ ঠেলি দিছিল শ্যমকানু, সিদ্ধাৰ্থহঁতে। যদিওবা ছিংগাপুৰ পুলিচ ফ’র্চ চমুকৈ এছপিএফে শিল্পীগৰাকীৰ মৃতুৰ ক্ষেত্ৰত কোনোধৰণৰ অস্বাভাৱিকতা নাই বুলি প্রাথমিক তদন্তত প্ৰকাশ কৰিছে। কিন্তু শিল্পীগৰাকীৰ মৃত্যু যে স্বাভাৱিক কেতিয়াও নাছিল, এক পূর্ব পৰিকল্পিত ষড়যন্ত্রহে আছিল সেয়া ছিংগাপুৰত সম্পন্ন হোৱা অট’পছী ৰিপ’ৰ্টত স্পষ্ট হৈ পৰিছে।তদুপৰি ছিংগাপুৰৰ প্ৰতিবেদনখনত শিল্পীগৰাকীৰ মূৰৰ পিছ ফালে আছিল সামান্য আঘাত। আনহাতে এছআইটিয়ে আদালতত দাখিল কৰা অভিযোগনামাখনতো কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। এছআইটিয়ে শিল্পীগৰাকীৰ মৃত্যুৰ পিছতে হত্যাকাণ্ডটোৰ মূল অভিযুক্ত সিদ্ধার্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ বাসভৱনত কেইবাবাৰো অভিযান চলাইছিল। উক্ত অভিযানত কেইবাখনো গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰিছে। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বিলাসী এপার্টমেন্টত এছআইটিয়ে জব্দ কৰিছিল জুবিন-গৰিমাৰ বিবাহৰ পঞ্জীয়ন-পত্ৰ। অতিকৈ গুৰুত্বপূৰ্ণ এই নথি কি কাৰণত সিদ্ধার্থ শৰ্মাই নিজৰ ঘৰত ৰাখিছিল তাক লৈ হতভম্ব হৈ পৰিছিল স্বয়ং তদন্তকাৰী বিষয়া। ইয়াৰ বাহিৰেও জুবিন গাৰ্গৰ এখন এটিএম, এখন ড্রাইভিং লাইচেঞ্চ আৰু লেণ্ড ৰ’ভাৰ গাড়ীখনৰ এপাট চাবিও এছআইটিৰ দলে জব্দ কৰিছিল। কি পৰিস্থিতিত সিদ্ধার্থ শৰ্মাই জুবিন গাৰ্গৰ বেংকৰ এটিএম আৰু ড্রাইভিং লাইচেঞ্চৰ লগতে গাড়ীৰ চাবি লগত ৰাখিছিল তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এছআইটিয়ে সিদ্ধার্থ শৰ্মাৰ বাসভৱনত চলোৱা তালাচী অভিযানত আন বিভিন্ন নথিৰ লগতে উদ্ধাৰ কৰিছিল ১৪ পৃষ্ঠাৰ ভূমি সংক্রান্তীয় এটা ফাইল। উক্ত ফাইলটোত জুবিন-গৰিমাৰ নামত থকা মাটিৰ নথিপত্ৰৰ লগতে আন বহু তথ্য এছআইটিয়ে লাভ কৰিছিল। একেদৰেই শেখৰজ্যোতি গোস্বামীৰ ঘৰৰ পৰাও জুবিন গাৰ্গৰ গাড়ী সম্পৰ্কীয় নথিপত্ৰৰ লগতে ভূমি সংক্রান্তীয় কেতবোৰ নথিও এছআইটিয়ে জব্দ কৰিছিল। এই সকলোবোৰ তথ্য অভিযোগনামাখনত এছআইটিয়ে উল্লেখ কৰিছে বুলি বিশেষ সূত্ৰটোৱে জানিবলৈ দিছে।
