প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰথমটো শুনানি সম্পন্ন

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰথমটো শুনানি সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সম্পন্ন হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ  হত্যাকাণ্ডৰ প্রথমটো শুনানি। অবশ্যে নিৰাপত্তাজনিত কাৰণত সোঁশৰীৰে উপস্থিত থকাৰ সলনি আদালতৰ নিৰ্দেশত ৭ অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ভিডিঅ’ কনফাৰেঞ্চিংযোগে ভার্চুৱেলী শুনানিত আৰক্ষীয়ে হাজিৰ কৰে। কেইবাঘণ্টাজুৰি শুনানিত অভিযুক্তকেইজনক তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে আৰোপ কৰা অভিযোগসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে স্বাস্থ্য সম্পর্কতো আদালতে বুজ লয়। লোক-অধিবক্তা প্রদীপ কোঁৱৰে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, শুনানিৰ সময়ছোৱাত মুঠ ৭অভিযুক্তৰ ভিতৰত ৫জনক অধিক হতাশাত থকা যেন দেখা গৈছিল। জুবিন হত্যাকাণ্ডৰ মূল চাৰি অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্তক অধিক হতাশগ্রস্ত যেন দেখা গৈছিল। আদালতে শুনানি গ্রহণ কৰাৰ সময়ত মানসিকভাৱে সকলোতকৈ বেছি বিমর্ষ হোৱা যেন দেখা গৈছিল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক। ধৃত ৫ অভিযুক্তই বিমর্ষ মনেৰে আজিৰ শুনানিত ভার্চুৱেলী অংশ ল’লেও জুবিন গাৰ্গৰ দুই নিৰাপত্তাৰক্ষী ক্ৰমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বিশেষ বিমর্ষ যেন লগা নাছিল বুলি লোক-অধিবক্তা কোঁৱৰে জানিবলৈ দিছে। লোক-অধিবক্তা কোঁৱৰে কয় যে আজি অভিযুক্তকেইজনক ভার্চুৱেলী হাজিৰ কৰা হয়।আজি গোচৰটোৰ সময়ত চি জে এম (CJM) আদালতত উপস্থিত আছিল অভিযুক্তৰ পৰিয়াল । অভিযুক্তক অভিযোগনামাৰ প্ৰতিলিপি পেন ড্ৰাইভত দিয়া হয়। অভিযুক্তকেইজনৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নিয়োগ কৰা অধিবক্তা ধ্ৰুৱজ্যোতি দাসে শুনানিত উপস্থিত থাকে। অৱশ্যে পৰৱৰ্তী সময়ত অভিযুক্ত ৭জনৰ পৰিয়ালবৰ্গই বিচাৰিলে আন অধিবক্তাও নিয়োগ কৰিব পাৰিব বুলি লোক-অধিবক্তা কোঁৱৰে লগতে কয়। প্ৰথম শুনানিৰ পাছত অহা ২২ ডিচেম্বৰত জুবিন হত্যাকাণ্ডৰ গোচৰৰ দ্বিতীয়টো শুনানি অনুষ্ঠিত হ’ব। যিহেতু চাৰি অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্তৰ বিৰুদ্ধে এছআইটিয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ (১) নং ধাৰা আৰোপ কৰিছে আৰু হত্যাকাণ্ডৰ এই নির্দিষ্ট ধাৰাৰ বাবে ২২ ডিচেম্বৰৰ পাছত গোচৰটো চিজেএম আদালতৰ পৰা ছেছন আদালতলৈ হস্তান্তৰ কৰা হ’ব। তেওঁ জানিবলৈ দিয়া মতে, যিহেতু হত্যাকাণ্ড সম্পৰ্কীয় গোচৰবোৰৰ ক্ষেত্ৰত বিচাৰ প্ৰক্ৰিয়া ছেছন আদালততে সম্পন্ন হয়, গতিকে ২২ ডিচেম্বৰৰ পাছত পৰৱৰ্তী শুনানিসমূহ ছেছন আদালতত হ’ব। অৱশ্যে অহা ২২ ডিচেম্বৰতো অভিযুক্তকেইজনক শাৰীৰিকভাৱে হাজিৰ কৰাৰ সলনি ভার্চুৱেলী হাজিৰ কৰাৰ সম্ভাৱনা আছে। অভিযুক্তকেইজনৰ জীৱনৰ প্ৰতি থকা ভাবুকিৰ বাবেই এই সিদ্ধান্ত আদালতে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰি লোক-অধিবক্তা কোঁৱৰে কয় যে সাধাৰণ শুনানিত অভিযুক্তকেইজনে ভার্চুৱেলী আদালতত হাজিৰ হ’লেও চাৰ্জফ্রেম হোৱাৰ দিনা সোঁশৰীৰে আদালতত উপস্থিত থাকিবই লাগিব। ইয়াৰ বাবে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা আৰক্ষীয়ে কৰিব লাগিব। প্রিয় শিল্পীৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়াৰ পিছত নিজৰ অপৰাধৰ বিষয়ে অৱগত হৈ সম্প্রতি অনুতপ্ত হৈ পৰিছে ৭অভিযুক্ত। ইতিমধ্যে এছআইটিয়ে যোৱা ১২ ডিচেম্বৰত আদালতত দাখিল কৰা ১২,২৭০ পৃষ্ঠাৰ অভিযোগনামাখনৰ প্ৰথম ২,৪৯৯ পৃষ্ঠাত অকল হত্যাকাণ্ডৰ বিষয় এছআইটিয়ে বিভিন্ন তথ্য সংলগ্ন কৰিছে। বাকী পৃষ্ঠাসমূহ হত্যাকাণ্ডৰ সৈতে জড়িত বিভিন্ন নথি-পত্র আছে।