প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ: অসম লোকসেৱা আয়োগৰ মূখ্য পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে বিনামূলীয়া মক সাক্ষাৎকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত শেহতীয়াকৈ ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ মুখ্য পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বাবে যোৱা ৩ডিচেম্বৰত, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ চৌহদত এক বিনামূলীয়া এদিনীয়া মক ইন্টাৰভিউ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত মক সাক্ষাৎকাৰত অসমৰ আঠখন জিলাৰ প্রার্থীয়ে অংশগ্রহণ কৰে৷ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তৰ উদ্যোগত হোৱা এই মক্ সাক্ষাৎকাৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক লোকসেৱা আয়োগৰ পৰা প্ৰাক্তন অসামৰিক সেৱা বিষয়া দিলীপ কুমাৰ বৰা, প্ৰীতম শইকীয়া, দেৱজ্যোতি হাজৰিকা, মহাদানন্দ হাজৰিকা, তপন চন্দ্ৰ শৰ্মা আৰু কনক চন্দ্ৰ শৰ্মাৰ লগতে মহাবিদ্যালয় পৰিচলনা সমিতিৰ সভাপতি ড০ জগদীন্দ্ৰ ৰয় চৌধুৰী আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্ত, জ্যেষ্ঠ অধ্যাপিকা ড° নন্দিনী মৰল শৰ্মা আৰু ড° নমিতা দাসে পেনেল বিশেষজ্ঞ হিচাপে উপস্থিত থাকে । মহাবিদ্যালয়খনৰ সামূহিক উন্নয়ন কোষৰ সমন্বয়ক তথা ভূ তত্ত্ব বিভাগৰ মূৰব্বী অধ্যাপক ড০ মনজিৎ কুমাৰ মজুমদাৰে এই কাৰ্য্যসূচী পৰিচলনা কৰে আৰু তেওঁক সহযোগ কৰে বাণিজ্য শাখাৰ হিচাপবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক উদ্দীপ্ত নয়ন মেধিয়ে।