প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন 

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন 

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ IQACৰ সহযোগত আজি ৩ মার্চ ২০২২ তাৰিখে বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয়। সেই উদ্দেশ্যে মহাবিদ্যালয় প্ৰাংগনত ‘Conservation of Iconic Primates in Anthropocene in Assam, India’ – শীর্ষক এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয়। বক্তৃতা প্ৰদান কৰে আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পৰিবেশবিদ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাইমেট ৰিচাৰ্ছ চেণ্টাৰ সমন্বয়ক ড০ যীহুচু বিশ্বাসে। প্রাণীবিজ্ঞান বিভাগৰ অধ্যাপক ড০ মকিবুৰ ৰহমানে আঁত ধৰা সভাখনত আদৰণি ভাষণ প্রদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তই। মহাবিদ্যালয়ৰ উপাধক্ষ্যা ড০ চম্পা চৌধুৰীৰ লগতে বিভিন্ন বিভাগৰ অধ্যাপক – অধ্যাপিকা আৰু শতাধিক ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই প্রাণীবিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ সীমাশ্ৰী বৰাই।।