প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত ৮ জানুৱাৰীত অনুষ্ঠিত হব সাহিত্য,চিত্ৰাংকন,গীতাশ্লোক,কুইজ আৰু বাগ্মিতা প্ৰতিযোগিতা

প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত ৮ জানুৱাৰীত অনুষ্ঠিত হব সাহিত্য,চিত্ৰাংকন,গীতাশ্লোক,কুইজ আৰু বাগ্মিতা প্ৰতিযোগিতা

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ জনপ্ৰিয় প্ৰকাশন গোষ্ঠী প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা ৮ জানুৱাৰীত মহানগৰীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত দিনৰ ১০ বজাৰ পৰা চিত্ৰাংকন, গীতাশ্লোক, সাহিত্য, কুইজ আৰু বাগ্মিতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতা অনুসৰি চিত্ৰাংকন শিতানত ক -শাখা(২য় শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ)ৰ প্ৰতিযোগীসকলৰ বাবে অংকনৰ বিষয় হব অসমৰ প্ৰাকৃতিক দৃশ্য/মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। খ -শাখা(৬ষ্ঠ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ) ৰ অংকনৰ বিষয় হব অসমৰ গাঁৱলীয়া জীৱন/অসমৰ নামঘৰ/কামাখ্যা মন্দিৰ । আনহাতে, গ- শাখা(৯ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ)ৰ অংকনৰ বিষয় মহাবীৰ লাচিত বৰফুকন/ব্ৰক্ষপুত্ৰৰ নদীৰ ওপৰত শৰাইঘাট দলং । প্ৰতিযোগীসকলক চিত্ৰ অংকনৰ বাবে কাগজ ট্ৰাষ্টৰ পৰা যোগান ধৰিব বুলি উদ্যোক্তাই জনায়। ইফালে প্ৰতিযোগিতা অনুযায়ী ক,খ আৰু গ (৩ টা শাখাত) অনুষ্ঠিত হ’বলগীয়া গীতাশ্লোক প্ৰতিযোগিতাৰ ‘ক’ শাখাত ২য় শ্ৰেণীৰ পৰা ৪ৰ্থ শ্ৰেণীলৈ (বিষয়-অষ্টাদশ অথবা অষ্টাদশী অধ্যায়ৰ পৰা প্ৰথম ৬টা শ্লোক), ‘খ’ শাখাত ৫ম শ্ৰেণীৰ পৰা ৭ম শ্ৰেণীলৈ (বিষয়-দ্বাদশ অধ্যায়ৰ ১নং শ্লোকৰ পৰা ১২নং শ্লোকলৈ) আৰু ‘গ’ শাখাত ৮ম,৯ম আৰু ১০ম শ্ৰেণীলৈ (বিষয়-দ্বাদশ অধ্যায়ৰ ১নং শ্লোকৰ পৰা ২০নং শ্লোকলৈ) ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। আনহাতে প্ৰতিযোগিতাৰ কুইজৰ বিষয় হৈছে- ভাৰতীয় সমাজ,সংস্কৃতি আৰু ইতিহাস । প্ৰতিযোগিতাত ৭ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিটো দলতে দুজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। তদুপৰি বাগ্মিতা প্ৰতিযোগিতাত ৭ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ লব পাৰিব। এই প্ৰতিযোগিতাত বিষয়বস্তু হল- আমাৰ দেশ আমাৰ কৰ্তব্য/মোৰ সপোনৰ ভাৰত/জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী (যিকোনো ১টা) । উল্লেখযোগ্য যে ‘ক’ শাখা (৭ম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ) আৰু ‘খ’ শাখা (দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) অনুষ্ঠিত হ’বলগীয়া সাহিত্য প্ৰতিযোগিতাৰ বাবে ইচ্ছুক প্ৰতিযোগীসকলে অহা ৩০ ডিচেম্বৰৰ ভিতৰত লেখা পঠিয়াবলৈ প্ৰকাশন ট্ৰাষ্টৰ সাধাৰণ সম্পাদক খগেন শইকীয়া ই অনুৰোধ জনায় । লগতে প্ৰতিযোগীসকলে ৩০ ডিচেম্বৰ ভিতৰত ৮৭২৩-৯৫৯০৭৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।