প্ৰাগজ্যোতিষপুৰ যুৱ মঞ্চৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত প্ৰাগজ্যোতিষপুৰ যুৱ মঞ্চই গুৱাহাটী মহানগৰত হোৱা কৃত্ৰিম বানপানীৰ সমস্যা সংক্ৰান্তত এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত মঞ্চৰ সভাপতি জয় লহকৰ, সম্পাদক ভৈৰৱ ৰাজবংশী, সাংগঠনিক সম্পাদক কল্যাণ ভাগৱতী, উপ সভাপতি ঋত্বিক শইকীয়াকে আদি কৰি কেবাজনো লোকৰ উপস্থিতিত তেওঁলোকে চৰকাৰ তথা গুৱাহাটী উন্নয়ন মন্ত্ৰীক ধিক্কাৰ দিয়াৰ লগতে কয় যে গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণ এটা লাভজনক ব্যৱসায়। লগতে অসম চৰকাৰক উপদেশ দিয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ৰং চাবলৈ এখন পৰ্য্যটন আঁচনি ঘোষণা কৰক। তেওঁলোকে গুৱাহাটী পৌৰ সভাকো দোষাৰোপ কৰি কয়, পৰ্য্যাপ্ত ডাষ্টবিনৰ অভাৱ, সময়মতে জাবৰ বোৰ নিনিয়া, সঠিক সময়ত নলা নৰ্দমা পৰিষ্কাৰ নকৰা ইত্যাদি। বাহিনী নৈ আৰু ভঁৰলু নৈ খননৰ নামত কিমান টকাৰ কেলেঙ্কাৰী হ’ল, আজিলৈকে কিন্তু ইয়াৰ দহ মিটাৰ অঞ্চলো খনন নহ’ল। ইয়াৰ উপৰি বিজেপি চৰকাৰখনে গুৱাহাটীৰ পৌৰ নিগমৰ প্ৰতিটো কামত হোৱা দুৰ্নীতি বোৰ নেদেখিলে। তেওঁলোকে শিল সাঁকোৰ প্ৰকল্পৰ কথাও উল্লেখ কৰে।