প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ গনীয়ে পুনৰ আফগানিস্তানলৈ ঘূৰি অহা সন্দৰ্ভত আলোচনা অব্যাহত

pc-mint

অনলাইন বাৰ্ত্তাসেৱা- আফগানিস্তানত তালিবানে দখল কৰাৰ পাছতে দেশ এৰি পলায়ন কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ গনীয়ে কয় যে পুনৰ আফগানিস্তানলৈ ঘূৰি অহা সন্দৰ্ভত তেওঁ আলোচনা অব্যাহত ৰাখিছে। আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গনীয়ে বুধবাৰে কয় যে তেওঁ তালিবান আৰু পূৰ্বৰ শীৰ্ষ চৰকাৰী বিষয়াসকলৰ মাজত চলা আলোচনাক সমৰ্থন কৰে আৰু তেওঁ ইউএইত বৰ্তমান থকা সময়ত স্বদেশলৈ ঘূৰি অহা সন্দৰ্ভতো আলোচনা অব্যাহত ৰাখিছে। উল্লেখ্য যে, তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল আহি পাওঁ পাওঁ অৱস্থাতেই পলায়ন কৰিছিল দেশৰ পৰা। by utpal kalita.