প্ৰাক্তন যুৱ নেতা লোকনাথ অধিকাৰীৰ অকাল মৃত্যুত ডি ৱাই এফ আইৰ গভীৰ শোক প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- উৰুকাৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে পুৱা ১১.৪৫ বজাত যুৱ আন্দোলনৰ প্ৰাক্তন নেতা লোকনাথ অধিকাৰীৰ অকাল মৃত্যু সাবতি ল’বলগীয়া হয়। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ প্ৰাক্তন সভাপতি লোকনাথ অধিকাৰীয়ে বিশ্বনাথৰ নিজ গৃহতে শেষ নিস্বাস ত্যাগ কৰে।তেওঁৰ অকাল মৃত্যুত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। কমৰেড লোকনাথ অধিকাৰীৰ মৃত্যুৰ দুঃসংবাদ পোৱাৰ লগে লগে ডি ৱাই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথ সহিতে এক প্ৰতিনিধি দল গৈ কমৰেডজনৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ছাত্ৰ সংগঠন এছ এফ আইৰ মাজেৰে কমিউনিষ্ট আদৰ্শৰ প্ৰতি আকৰ্ষিত হোৱা লোকনাথ অধিকাৰীয়ে ২০০৫চনৰ পৰা ২০০৮চনলৈ এছ এফ আইৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। প্ৰয়াত ৰাম প্ৰসাদ অধিকাৰীৰ আৰু উমা দেৱীৰ সন্তান লোকনাথ অধিকাৰীয়ে খৰাশিমলু হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে পৰৱৰ্তী সময়ত তেওঁ কটন কলেজৰ পৰা ইংৰাজী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হোৱা লোকনাথ অধিকাৰীয়ে কোনো চাকৰি-বাকৰি নকৰি শ্ৰমজীৱি আন্দোলনৰ বাবে সৰ্বক্ষণ কৰ্মী হিচাপে ওলাই আহিছিল। এছ এফ আইৰ পৰা অব্যাহতি লোৱা পাছতে তেওঁ যুৱ সংগঠন ডি ৱাই এফ আইত যোগদান কৰে আৰু সংগঠনটোৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। কমৰেড অধিকাৰীয়ে স্কুলীয়া অৱস্থাতে এছ এফ আইত যোগদান কৰিছিল। অতি অমায়িক, অধ্যয়নশীল প্ৰয়াত লোকনাথ অধিকাৰীয়ে মৃত্যুৰ সময়ত মাতৃ উমা দেৱী , পত্নী ৰীনা দেৱী , ৮ বছৰীয়া পুত্ৰ ৰীয়ান কাশ্যপ অধিকাৰীৰ লগতে ৬ জন ভাই ককাই আৰু বাই-ভনিক এৰি গৈছে। ৪৯ বছৰী লোকনাথ অধিকাৰীৰ অকাল মৃত্যুত অসমৰ বাঁও-গণতান্ত্ৰিক আন্দোলনৰ বাবে বৃহৎ ক্ষতি।