প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা উত্তৰ-পূৱৰ একমাত্ৰ ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ৰ পাঁচ বছৰে নহল আন্তগাঁথনি উন্নয়ন: অস্থায়ী ভৱনৰ পৰা কাম চলাইছে
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত ঘোষণা কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় পাঁচ বছৰে গুৰুত্বহীন হৈয়ে থাকিল। ডিব্ৰুগড় জিলাৰ চাবুৱা বিধান সভা সমষ্টিত স্থাপন কৰিবলগীয়া উত্তৰ-পূৱৰ প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়খন অৱস্থিত। ইতিমধ্যে ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড০ জয়প্ৰকাশ বাৰ্মাৰ পাঁচ বছৰীয়া কাৰ্যকালো কাগজ পত্ৰৰ মাজতে সম্পূৰ্ণ হৈছে আৰু তেখেতৰ ঠাইত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ড০ জিতেন হাজৰিকাক অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অতিৰিক্ত উপাচাৰ্য হিচাপে দায়িত্ব অৰ্পণ কৰিছে । ২১ জুন তাৰিখে আনুষ্ঠানিকভাৱে ড০ হাজৰিকাই ড০ জে পি বাৰ্মাৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। শেহতীয়াকৈ ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্যৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালতে দেশৰ ভিতৰতে চতুৰ্থখন ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰিছিল। ২০১৮ চনৰ ২৬ ছেপ্তেম্বৰত অসম বিধানসভাত অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বিধেয়ক গৃহীত কৰি ২০২০ চনৰ ২০ জুনত চাবুৱাৰ পানীএৰা গাঁৱত স্থাপন কৰা হয় অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়। সেইমতে প্ৰায় ২০০ বিঘা ভূমি অধিগ্ৰহণ কৰি মমেচাৰ্চ Macrocosm বিল্ডাৰ্ছ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানক নিবিদা প্ৰদান কৰে। কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দেখুৱাৰ দৰে কামৰ লেহেমীয়া আৰু ব্যৰ্থতাৰ বাবে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ নিৰ্দেশত লোকনিৰ্মাণ বিভাগে ২০২৩ চনৰ ৩১ মাৰ্চত কামৰ নিবিদা বাতিল কৰে। শেহতীয়াকৈ যোৱা ১৯ জুনত পুনৰ অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে কামৰ নিবিদা প্ৰদান কৰা বুলি জানিব পৰা গৈছে। ইফালে ২০২০ চনৰ পৰা চৌকিডিঙ্গীৰ ঔদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ অস্থায়ী ভৱনৰ পৰা চলিছে অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ কাম-কাজ। ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ এটা পৃথক কোঠাত পাঠদান চলাইছে স্নাতক শাৰিৰীক শিক্ষাৰ চাৰি বছৰীয়া পাঠ্যক্ৰম। দুটা ষান্মাসিকত ৪৪ গৰাকী ছাত্র-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি থকাৰ বিপৰীতে চলিত নতুন শিক্ষাবৰ্ষৰ বাবে প্ৰায় দুশৰো অধিক ছাত্র-ছাত্ৰীয়ে আবেদন কৰা বুলি জানিব পৰা গৈছে। যিহেতু বিশ্ববিদ্যালয়খনৰ মুঠ আসনৰ সংখ্যা হৈছে ৫০ খন। জানিব পৰামতে ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে বহু অনুমোদিত পাঠ্যক্ৰম সাজু কৰি তুলিছে। কিন্তু পূৰ্ণকালীন নিয়মীয়া শিক্ষক নিযুক্তি নিদিয়াৰ ফলতে বহু অনুমোদিত পাঠ্যক্ৰম আগবঢ়াব পৰা নাই অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ে। ইতিমধ্যে ক্ৰীড়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্য চৰকাৰকো আবেদন জনাই অহাৰ পাছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। উত্তৰ-পূৱৰ একমাত্ৰ ক্ৰীড়া বিশ্ববিদ্যালয়খন ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত স্থাপন হৈ থকাৰ পাছতো ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই এদিনো বিশ্ববিদ্যালয়খনত ভুমুকি মাৰিব পৰা নাই। অন্যহাতে অসমৰ ৰাজ্যপালে দুবাৰকৈ পৰিদৰ্শনৰ লগতে অভাৱ-অভিযোগৰ বুজ লৈছে। ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ তত্বাৱধানত থকা ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য বহিৰাগত প্ৰাৰ্থীক প্ৰাধান্য দিব নেকি তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ৰাজ্যৰ একমাত্ৰ ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদত এগৰাকী থলুৱা প্ৰাৰ্থীক নিযুক্তি দিবলৈ দাবী জনাইছে সচেতন সমাজে। অন্যথা, লেহেমীয়া গতিৰে আন্তগাঁথনি সৱলীকৰণত চলি থকা ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ কাম-কাজৰ প্ৰতি চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা আৰু লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ উপৰি মটক জনগোষ্ঠীয় সংগঠনৰ ভূমিকাক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছে সচেতন সমাজে।