প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ মৃত্যুত শোক প্রকাশ

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ মৃত্যুত শোক প্রকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ অকাল বিয়োগত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। প্ৰয়াত বৰকটকীৰ মৃত্যুত অসমৰ ৰাজনৈতিক জগতখনত এক অপূৰণীয় ক্ষতি সাধন হ’ল বুলি ভূপেন কুমাৰ বৰাই অভিহিত কৰে। প্ৰয়াত শৰৎ বৰকটকীৰ নশ্বৰ দেহ দলৰ ৰাজ্যিক কাৰ্যালয় ৰাজীৱ ভৱনলৈ আনোতে দলৰ কেইবাশ নেতা কর্মীয়ে পুষ্পার্ঘ্য অর্পণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ওপৰিও, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, অকন বৰা, টংক বাহাদুৰ ৰায়, নুৰজামাল সৰকাৰ, বলিন কুলি, হিৰণ্য বৰা, মঞ্জুশ্ৰী পাঠক, কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, উপ-সভাপতি দ্বিজেন শর্মা, নৃপেন্দ্ৰ ঠাকুৰীয়া, ববিতা শর্মা, বালিকা লাহন পেগু, নৱজ্যোতি তালুকদাৰ, গুণ কান্ত গগৈ, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, মানস বৰা, অৰুণ তিৱাৰী, স্বপন কুমাৰ মণ্ডল, আনোৱাৰ হুছেইন, আনোৱাৰ আহমেদ। অসম প্রদেশ কংগ্ৰেছ সেৱা দলৰ সভাপতি দীপ বায়নৰ লগতে জ্যেষ্ঠ মুখপাত্র মেহদি আলম বৰা, ৰমেন চন্দ্ৰ বৰঠাকুৰ, গোপাল শর্মা, প্রবীন বড়ো, আৰফান আলি হাজৰিকা, ৰফিকুল ইছলাম মুকুল হুছেইন, ৰৌচন ৰাজ ছেত্ৰী, মুস্তাক গোলাম ওছমানী ৰ লগতে প্রায় শতাধিক নেতা কর্মীয়ে পুষ্পার্ঘ্য অর্পণ কৰে। ।