প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ মৃত্যুত শোক বদৰুদ্দিন আজমলৰ

প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ মৃত্যুত শোক বদৰুদ্দিন আজমলৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  এ আই ইউ ডি এফ দলৰ উপ সভাপতি তথা বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দলৰ সভাপতি মৌলনা বদৰুদ্দিন আজমলে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক প্ৰেছ বিবৃতিত সাংসদ আজমলে কয় যে দলৰ জন্ম লগ্নৰে পৰা সদায় দলৰ এক সৈনিক হিচাবে থিয় দি আছিল ৷ তেওঁৰ মৃত্যুত আমি মৰ্মাহত ৷ তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷