প্ৰাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু নাই। ৯২ বছৰ বয়সত নতুন দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে । গুৰুতৰভাৱে অসুস্থ প্রাক্তন প্রধানমন্ত্রী, ৰাষ্ট্রনেতা ড° মনমোহন সিঙক দিল্লীৰ এইমছত ভর্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।ড০ মনমোহন সিঙে এই বছৰৰ আগভাগত ৰাজ্য সভাৰ সদস্যৰূপে কার্যকাল সামৰি উচ্চ সদনত তেওঁৰ ৩৩ বছৰীয়া ৰাজনৈতিক জীৱনৰ অন্ত পেলাইছিল। তেওঁ ৰাজ্য সভাত পাঁচবাৰ অসমক প্রতিনিধিত্ব কৰিছিল। পাছত ২০১৯ চনত তেওঁ ৰাজস্থানৰ পৰা ৰাজ্য সভালৈ নির্বাচিত হয়। ভাৰতীয় অর্থনীতিৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অর্থনীতিবিদ ড° মনমোহন সিঙে একেৰাহে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দুবাৰকৈ প্রধানমন্ত্রী হিচাপে কার্যনির্বাহ কৰে। ড° মনমোহন সিং প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে দেশৰ বিত্তমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি অৰ্থনীতিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে একেৰাহে দুবাৰকৈ প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱা ড° মনমোহন সিং হৈছে দেশৰ প্রথমগৰাকী শিখ প্রধানমন্ত্রী। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিছত পাঁচ বছৰ সম্পূৰ্ণ কার্যকাল সম্পন্ন কৰি দুবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা ড° মনমোহন সিঙৰ ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পশ্চিম পঞ্জাবৰ গাহত (বর্তমান পাকিস্তান) জন্মগ্ৰহণ কৰে। ১৯৪৭ চনত ভাৰত বিভাজনৰ ফলত পৰিয়ালৰ সৈতে ভাৰতলৈ প্ৰব্ৰজন কৰা ড° মনমোহন সিঙে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডক্টৰেট লাভ কৰে। ৰাষ্ট্ৰসংঘত ১৯৬৬ চনৰ পৰা ১৯৬৯লৈ বিষয়া হিচাপে কাম কৰা ড° মনমোহন সিঙে এগৰাকী আমোলা হিচাপেও কার্যনির্বাহ কৰিছিল। ভাৰত চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবী বিশেষকৈ মুখ্য অর্থনৈতিক উপদেষ্টা, ৰিজার্ভ বেংকৰ গৱৰ্নৰ আৰু পৰিকল্পনা আয়োগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ১৯৯১ চনত ভাৰতৰ অৰ্থনৈতিক সংকটৰ সময়ত তদানীন্তন প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাওৰ চৰকাৰত বিত্তমন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ কৰি ভাৰতৰ অৰ্থনীতিক সুস্থিৰ অৱস্থালৈ অনাত ড° মনমোহন সিঙে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। ভাৰতীয় অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্রহণ কৰা ড° মনমোহন সিঙে ১৯৯৮-২০০৪ চনত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী চৰকাৰৰ কাৰ্যকালত ৰাজ্যসভাত বিৰোধী দলপতি হিচাপে সক্রিয় ভূমিকা গ্ৰহণ কৰে। ২০০৪ চনত কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে দায়িত্ব গ্রহণ কৰা ড° মনমোহন সিঙে ২০০৯ চনতো ইউপিএ পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাত প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰে। উর্দু মাধ্যমত শিক্ষাগ্রহণ কৰা ড° মনমোহন সিঙে অমৃতসৰত হিন্দু কলেজত অধ্যয়ন কৰে। পঞ্জাব বিশ্ববিদ্যালয়ৰ অৰ্থনীতিত স্নাতক ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰি পিছলৈ ১৯৫৭ চনত কেম্ব্রিজ বিশ্ববিদ্যালয়ত অর্থনীতিৰ ডিগ্রী গ্রহণ কৰে। কেম্ব্রিজ বিশ্ববিদ্যালয়ত ডিগ্রী গ্ৰহণ কৰি ভাৰতলৈ অহা ড° মনমোহন সিঙে কিছুদিন ধৰি পঞ্জাব বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। পৰৱৰ্তী সময়ত তেওঁ অক্সফ’র্ড বিশ্ববিদ্যালয়লৈ গৈ ডক্টৰেট ডিগ্রী লাভ কৰে। প্রধানমন্ত্রী হিচাপে প্রথমটো কার্যকালত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (এনএইচআৰএম) আৰম্ভ কৰা ড° মনমোহন সিঙৰ দ্বিতীয়টো কার্যকালত শিক্ষাৰ অধিকাৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। ১৯৮৭ চনত ড° মনমোহন সিঙক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’ বঁটা প্ৰদান কৰা হয়। ৰাজনৈতিক নেতাৰ সমান্তৰালকৈ অর্থনীতিবিদ হিচাপেও দেশ আৰু বিদেশত খ্যাতি অর্জন কৰা ড° মনমোহন সিঙৰ সম্পৰ্কত ২০১৯ চনত ‘দ্য এক্সিডেন্টেল প্রাইম মিনিষ্টাৰ’ শীর্ষক ছবি এখন নিৰ্মাণ কৰা হৈছিল। ড° মনমোহন সিঙৰ বিয়োগত সমগ্র দেশবাসী ম্রিয়মাণ হৈছে। প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিশিষ্ট ৰাজনীতিকসকলে। অসমৰ ৰাজ্যসভাৰ সাংসদ হিচাপে দুবাৰকৈ প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱা ড° মনমোহন সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।