প্ৰাক্তন ছাত্ৰ, শিক্ষাবিদ জয়ন্ত কুমাৰ নাথৰ মৃত্যুত মাজুলী মহাবিদ‍্যালয়ৰ শোক

Pc Shutterstock

প্ৰাক্তন ছাত্ৰ, শিক্ষাবিদ জয়ন্ত কুমাৰ নাথৰ মৃত্যুত মাজুলী মহাবিদ‍্যালয়ৰ শোক

বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী মহাবিদ‍্যালয়ৰ ১৯৭২–১৯৭৬ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ, চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত কুমাৰ নাথৰ মৃত‍্যুত শোকস্তব্ধ হৈ পৰিছে মাজুলী মহাবিদ‍্যালয় পৰিয়াল। কালি ৰাতি আকস্মিকভাৱে মৃত‍্যু হোৱা সৰবৰহী শিক্ষাবিদগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি আজি পুৱা ১০.৩০ বজাত মহাবিদ‍্যালয়খনিত অধ‍্যক্ষ, শিক্ষক-কৰ্মচাৰী, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ উপস্থিতিত এখনি শোক সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয় কৰ্মচাৰী গোটৰ উপ-সভাপতি উৎপল বৰুৱাই আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। সভাত মহাবিদ‍্যালয়ৰ অভ‍্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰাই জয়ন্ত কুমাৰ নাথৰ ব‍্যক্তিত্ব আৰু প্ৰতিভা সম্পৰ্কে আলোকপাত কৰে। জয়ন্ত কুমাৰ নাথৰ আকৰ্ষণীয় ব‍্যক্তিত্ব সম্পৰ্কত বক্তব‍্য আগ বঢ়াই মহাবিদ‍্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “জয়ন্ত কুমাৰ নাথ অভ‍্যন্তৰৰ পৰাই এগৰাকী প্ৰকৃত শিক্ষাগুৰু আছিল।তেওঁৰ সমাজসেৱা আৰু পৰোপকাৰৰ আদৰ্শ উত্তৰপ্ৰজন্মই পাথেয় কৰি লোৱা উচিত।” মহাবিদ‍্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ‍্যাপিকা ডঃ ৰূপজ‍্যোতি বৰা, গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাস, কৰ্মচাৰী গোটৰ সম্পাদক সদানন্দ ৰেগন, কিৰণজিৎ চমুৱা, গৌতম দাস, যোগ পাহাদী, নগেন শইকীয়া, ৰাজীৱ দত্ত, অতুল বৰা, নাৰায়ণ শইকীয়া, পল্লৱজ‍্যোতি ভূঞা, প্ৰণৱ হাজৰিকা, যাদৱ পায়েং, ভৱেন শইকীয়া, ছাত্ৰ একতা সভাৰ সভাপতি কাকুলী পগাগ, সাধাৰণ সম্পাদক মানৱজ্যোতি পায়েং, চিৰঞ্জিৎ ভূঞা, গৌৰৱ সেন প্ৰমুখ‍্যে শিক্ষাৰ্থীসকলৰ উপস্থিতিত সম্পন্ন হোৱা সভাখনিত নাথৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মহাবিদ‍্যালয়ৰ প্ৰাক্তন গুণী ছাত্ৰ জয়ন্ত কুমাৰ নাথৰ বিয়োগত মহাবিদ‍্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা আউনীআটীয় সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী, প্ৰাক্তন অধ‍্যক্ষদ্বয় সৰ্বেশ্বৰ হাজৰিকা আৰু নৰেন চন্দ্ৰ ঠাকুৰীয়া, প্ৰশাসনিক সম্বন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, সম্পাদক ডঃ অনুপ কুমাৰ দলে, মহাবিদ‍্যালয় সমবায় আৰু ঋণদান সমিতি পৰিসীমিতৰ সম্পাদক ডঃ ৰাজেন চন্দ্ৰ বৰা, মহিলা কোষৰ সভানেত্ৰী প্ৰণীতা ৰাজখোৱা, সম্পাদিকা ডঃ অনন‍্যা বৰুৱা, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সভাপতি সুৰেন্দ্ৰ নাথ মুদৈ, সম্পাদক তুলসী ৰাজখোৱা, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।