প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৮ জানুৱাৰীত গোপাল মেনচ্‌নত আবেলি ৩-০০ বজাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপ-সভানেত্ৰী ড° জুৰি শৰ্মা বৰদলৈৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰতিষ্ঠাপক কাৰ্যকৰ্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্হৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্যিক উপ-সভানেত্ৰী ড° জুৰি শৰ্মা বৰদলৈয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ মৃত্যুৰ খৱৰে দলটোৰ সকলোকে মৰ্মাহত কৰিছে ৷ তেওঁ দল আৰু দেশৰ প্ৰতি নিষ্ঠাৱান সেৱা সদায় স্মৰণীয় হৈ থাকিব৷ তেওঁৰ পবিত্ৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ শোক প্ৰকাশ কৰি একমিনিট মৌন প্ৰাৰ্থনা জনায়৷