প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ আদৱানীক সৰ্বানন্দ সোণোৱালৰ সাক্ষাৎ

প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ আদৱানীক সৰ্বানন্দ সোণোৱালৰ সাক্ষাৎ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘ভাৰত ৰত্ন’ৰে বিভূষিত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানীক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সাক্ষাৎ কৰে আৰু অভিনন্দন জনায়। লগতে তেওঁৰ কুশলবাৰ্তা লৈ আশীৰ্বাদ গ্ৰহণ কৰে।সোণোৱালে কয়, “লালকৃষ্ণ আদৱানীৰ জীৱনজোৰা সাধনা আৰু অৰিহণাই ভাৰতীয় জনতা পাৰ্টিৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰিছে। এনে এগৰাকী সন্মানীয় নেতাক ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰাত আমি অতিশয় আনন্দিত হৈছোঁ। তেওঁৰ সান্নিধ্যই আমাক উজ্জীৱিত কৰিছে।”