প্ৰাক্তন উপায়ুক্ত অজিত কুমাৰ বৰদলৈৰ মৃত্যু

প্ৰাক্তন উপায়ুক্ত অজিত কুমাৰ বৰদলৈৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ৰ’দালিৰ এগৰাকী নিয়মীয়া কবি ,যোৰহাট জিলা কবি সন্মিলনৰ সন্মানীয় সদ্যপ্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ কবি, গীতিকাৰ, অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, অসম চৰকাৰৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা ধেমাজি জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত, সদৌ অসম কবি সন্মিলনৰ একান্ত সেৱক অজিত কুমাৰ বৰদলৈৰ দুৰ্ঘটনাজনিত কাৰণত আজি আকস্মিক বিয়োগ কাব্য-সাহিত্যজগতৰ বাবে এক অপূৰণীয় ক্ষতি।তেওঁ সহজ-সৰল,অমায়িক স্বভাৱৰ লোক আছিল৷তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ তেওঁৰ প্ৰয়াণত ৰ’দালি কাব্য আলোচনীৰ তৰফৰপৰা প্ৰয়াত কবিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷