প্ৰহেলিকা
কুমুদ চন্দ্ৰ মেধি
অফিচৰ বন্ধুকেইজনৰ লগত কথা পাতি হৰেন দাস গৈ অফিচাৰৰ ৰুম পালে। বাহিৰৰ চকিখনত বহি থকা পিয়নজনক সি অহা খবৰটো দিবলৈ কʼলে। ক্ষন্তেক পিচতে অফিচাৰৰ ওচৰত ছুটিৰ দৰ্খাস্তখন জমা দিলে। প্ৰথমতে অফিচাৰে ছুটি দিবলৈ অস্বীকাৰ কৰিছিল যদিও হৰেণে দেউতাকৰ অসুখৰ বাবে যাবলগীয়া হোৱা বুলি জনালত ছুটি মঞ্জুৰ কৰি দেউতাকলৈ শুভ ইচ্ছা প্ৰকাশ কৰিলে। ইতিমধ্যে কৰʼনা মহামাৰী আমেৰিকাৰ ঠায়ে ঠায়ে সংক্ৰমণ হʼব ধৰিছে। বিশ্বৰ অনেক দেশত এই মহামাৰীয়ে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে। সকলো ব্যৱস্থা কৰি হৰেন আহি গুৱাহাটী পালে।
`হৰেন দাসৰ এখন সৰু ঘৰ। দেউতাকৰ একমাত্ৰ লʼৰা। মাক এখন চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু দেউতাক জিলাৰ উপায়ুক্তৰ দৰে উচ্চ পদবীত অধিস্থিত হব পাৰিছিল। বিয়াৰ পিচতে গুৱাহাটীত মাটি কিনি ঘৰ সজালে। চাকৰিৰ নামত অসমৰ বিভিন্ন ঠাইত বদলি হৈ দেবেন দাসে চাকৰি কৰিবলগীয়া হʼল। পুত্ৰ হৰেন দাস আৰু একমাত্ৰ কন্যা জুনুক লগত লৈ মাক গুৱাহাটীত থাকিবলগীযা হʼল আৰু পঢ়া শুনাৰ বাবে গুৱাহাটী উপয়ুক্ত ঠাই বুলি শিক্ষাৰ দায়িত্ব মাকে লʼলে। হায়াৰ চেকেণ্ডাৰীত ভবাতকৈও বহুত বেছি ভালদৰে পাচ কৰাৰ পিচত দেউতাকে মাকৰ লগত আলোচনা কৰি অসমৰ বাহিৰত পঢ়ুওৱাৰ চিন্তা কৰিলে। একমাত্ৰ লʼৰা হোৱাৰ বাবে প্ৰথমতে মাকে আপত্তি কৰি কটন কলেজত পঢ়ুৱাব বিচাৰিচিল যদিও দেউতাকে সেয়া নমনাত বাঙ্গালোৰত ইঞ্জিনিয়াৰিং কলেজত পঢ়াৰ বাবে সন্মতি দিবলৈ বাধ্য হʼল।চাওঁতে চাওঁতে দিনবোৰ বাগৰিব ধৰিলে। হৰেনৰ দেউতাক গুৱাহাটীলৈ বদলি হৈ আহিল। অকলশৰীয়া মাক জীয়েকে বৰ আনন্দ পালে।
তেনেকৈয়ে এদিন হৰেনে সুখ্যাতিৰে পাছ কৰিলে আৰু আমেৰিকাৰ এটি নামী চফ্টৱেৰ কোম্পানীৰ চাকৰিত যোগদান কৰিলে। ঘৰৰ বাহিৰত তথা দেশৰ বাহিৰত চাকৰি কৰিব যোৱাত মাক দেউতাকে ভিতৰি মনত কষ্ট পাইছিল যদিও আমেৰিকাৰ দৰে উন্নত দেশত চাকৰি পোৱা বাবে সন্তুষ্টি লাভ কৰিছিল আৰু আনৰ আগত প্ৰকাশ কৰি গৌৰৱবোধ কৰিছিল।
ভনীয়েক জুনুৰ বিয়াৰ সময়ত হৰেন ঘৰলৈ আহিছিল যদিও তাৰ পিচত ছয় বছৰ চাকৰি কালৰ মাজত দুবাৰহে ঘৰলৈ আহিব পাৰিছিল চাকৰিৰ ব্যস্ততাৰ বাবে।
ইতিমধ্যে দেউতাকে চাকৰিৰ পৰা অৱসৰ লʼলে। এবছৰ পিচত মাকেও অৱসৰ পালে।এখন প্ৰাইভেট কলেজত কাম কৰাৰ বাবে আমন্ত্ৰণ পাইছিল যদিও যোগদান কৰাৰ ইচ্ছা নকৰিলে। দেউতাক ঘৰত অকলে থাকি মনোকষ্ট পাব বুলি ভাবি আৰু ইটো সিটো অসুখে লগ নেৰা বাবে পুনৰ কামত যোগ দিয়াৰ পৰা বিৰত থাকিল।
ঘৰ আহি পাই হৰেন পোনচাটে ড্ৰয়িং ৰুমত হাতৰ বেগটো থৈ দেউতাক ক’ত আছে জানিব খুজিলে। মাকে হাত-ভৰি ধুই দেউতাক থকা ৰুমলৈ আহিব ক’লে।
– তই আহি পাইছ মাত্ৰ। চাহ একাপ খাই ল।
দেউতাৰা কাইলৈৰ পৰা অলপ সুস্থ হৈছে।
– হ’ব দিয়া মা। মই একেলগে গাটোকে ধুই লওঁ।
মাকে চাহৰ যোগাৰ কৰিলে। তিনিওজনে বহি একেলগে চাহ খালে। দেউতাকৰ লগত কথা বতৰা পাতি হৰেন আস্বস্ত হ’ল যে দেউতাক এতিয়া সুস্থ হৈ আছে। ঔষধ পাতি ডাক্টৰে কোৱা ধৰণে খাই আছে।
কথা বতৰাৰ মাজতে দেউতাকে হৰেনৰ বিয়াৰ কথা উলিয়ালে। হৰেনে অসন্মতি নকলেও সন্মতি প্ৰকাশ কৰা যেন দেউতাকে অনুভব নকৰিলে। সেয়ে মনত উদ্ভৱ হোৱা সন্দেহ ব্যক্ত কৰিলে।
– তই কিবে বেলেগ চিন্তা কৰিছ নেকি অ’ হৰেন? মই কথাবোৰ বুজি পোৱা নাই। দুবছৰ পিচত ঘৰলৈ আহিছ। সময়বোৰ ৰৈ নাথাকে বুজিছ। মোৰো দেহা ভালে নোযোৱা হৈছে। হঠাৎ কিবা এটা হ’লে ইমান আশাৰে ৰৈ থকা তোৰ বিয়াখন দেখাই নাপাম। নে কোনোবা আমেৰিকাৰ ছোৱালী চাই থৈছ ?
দেউতাকৰ কথাখিনি মাকৰ মনটো খেলি আছিল। গতিকে লগে লগে সমৰ্থন কৰি মাত লগালে।
– অ’ হৰেন কিবা চিন্তা কৰিছনে? যদি কোনো অইন কাৰোবাক পচন্দ কৰা নাই আমি ইয়াতে ছোৱালী চাওঁ। হৰেনে দেউতাক আৰু মাকক সন্তুষ্ট কৰাৰ মানসেৰে উত্তৰ দিলে।
– হ’ব দিয়া। তোমালোকৰ মতে সকলো হ’ব। কিন্তু দেউতা আগতে সম্পুৰ্ণ সুস্থ হৈ উঠক। এতিয়া আৰু দেশৰ পৰিস্থিতি দেখোন কেনেকুৱা। ক’ৰ’না মহামাৰীৰ নামত সকলো সন্তুষ্ট। সুস্থিৰ পৰিৱেশ এটা হওঁক দিয়া।
মাকৰ ফালে চাই দেউতাকে ক’লে – মই অলপ শুওঁ দিয়া। গাটো ভাল লগা নাই। তুমিতো জানাই হৰেনে কি খায় ভাল পায়। গতিকে ব্যৱস্থা কৰা।
দেউতাকে হঠাতে বিচনাত শুব বিচৰা দেখি হৰেনৰ চিন্তা লাগিল। দেউতাকক কোঠাত এৰি আহি পাকঘৰ পালে।
– মা, দেউতাই যে গা ভাল নলগা বুলি ক’লে। কথাটো কি? মোৰ চিন্তা লাগিছে।
– হঠাতে তেনেকুৱাকৈ কৈ বিচনাত শুই পৰে। দৰৱ খুৱাই আছো। ডাক্তৰে ভালদৰে আলপৈচন ধৰিব কৈছে। মই সকলো কৰি আছো। অকলে এৰি থৈ ক’লৈকো নাযাওঁ। সেইবাবে তোক খবৰ দি আহিব ক’লো।
মাকৰ কথাখিনি শুনি হৰেনৰ চিন্তা দুগুনে বাঢ়িল। কৰ’না মহামাৰীৰ বাবে দেশত আৰম্ভ হোৱা চৰকাৰৰ নিয়মৰ কথাবোৰ সি ম’বাইলত চাইছে। দেশৰ জনসাধাৰনক গৃহবন্দী হৈ থকাৰ পৰামৰ্শ দিছে। মন্দিৰ, মছজিদ আদি উপাসনাস্থলীত ভক্তৰ প্ৰবেশ সিমিত কৰিছে। বিয়াত মানুহৰ উপস্থিতিৰ সংখ্যাও নিৰ্দ্ধাৰন কৰিছে। মানুহে নভবা নিচিন্তা এটি পৰিৱেশ। আনকি মানুহৰ অসুখ বিসুখৰ খবৰ ল’বলৈও আপোন মানুহ আহিব নোৱাৰা পৰিস্থিতি।
হৰেনৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল। নীৰৱ হৈ কিছুসময় মনে মনে বহি থাকিল। কথাবোৰ নাভাবো বুলি ভাবিলেও অজানিতে মনৰ মাজত ডোলা দিবলৈ ধৰিলে। টিভিটো অন্ কৰি দিলে। একেই বাতৰি। চাৰিওফালে কেৱল সেই একেই বাতৰি। ক’ৰ’নাৰ ভয়াবহতা। লকডাউনৰ নিয়মৰ বৰ্ণনা। টিভিটো অফ্ কৰি দি পুনৰ চিন্তাৰ সাগৰত ডুব গ’ল।
দেউতাৰ মুখখন বাৰে বাৰে চকুৰ আগত ভাঁহি উঠিবলৈ ধৰিলে। দেউতাকৰ চিকিৎসা কৰি থকা ডাক্তৰজনৰ ফোন নম্বৰটো মাকৰ পৰা সংগ্ৰহ কৰি এষাৰ কথা হোৱাৰ কথা চিন্তা কৰিলে।
– মা, দেউতাৰ চিকিৎসা কৰা ডাক্তজনৰ ফোন নম্বৰটো তুমি জানানে বাৰু ?
কাষৰ ৰুমতে ৰান্ধি থকা মাকে মাত লগালে।
– ডাক্তৰৰ প্ৰেছক্ৰিপনখনতে লিখা আছে। তই কথা পাতিবি নেকি ? মাকৰ কথাৰ উত্তৰ হিচাপে কেৱল ‘ও’ বুলিহে কৈ থলে হৰেনে।
কিছুমান অনৰ্থক কথাই তথা অসংলগ্ন চিন্তাই হৰেনক জুমুৰি দি ধৰিলে। লকডাউনৰ সময়ত নাগৰিকে মানিবলগীয়া নিয়মৰ কথাবোৰ শুনাৰ পৰা তাৰ মনৰ অস্থিৰতা বাঢ়িব ধৰিলে। সামাজিক দুৰত্ব মানি চলাৰ উপদেশবোৰ মনটো বেছিকৈ ভাৰাক্ৰান্ত কৰিলে।
ক্ষন্তেকৰ বাবে সকলো চিন্তা বাদ দি সহজ হৈ মাকে কোৱা ধৰণে ডাক্তৰৰ প্ৰেছক্ৰিপনখন বিচাৰি আনিলে। ওপৰে ওপৰে দৰববোৰৰ নামবোৰ পঢ়িলে যদিও লাভদৰে বুজি নেপালে। কাগজখনত ওপৰত সোঁফালে থকা ডাক্তৰৰ নাম আৰু ম’বাইল নম্বৰটো চকুত পৰিল। ডাক্তৰৰ লগত এবাৰ কথা পতাৰ বাবে ফোন নম্বৰটো ডায়েল কৰিলে।
কিন্তু ফোন কৰা নম্বৰটোৰ পৰা উত্তৰ নেপাই মনটোত বেজাৰ পালে। ডাক্তৰবোৰ ব্যস্ত মানুহ সেইটো সকলোৱে জানে। কিন্তু ফোনত কথা পাতিবতো পাৰে। আমেৰিকাত চিকিৎসা কৰোৱাৰ কথাবোৰ বেলেগ। সেয়া ইয়াততো নহয়। নে অসমত চিকিৎসাও……..। ভাবনাৰ যতি পৰিল যেতিয়া হঠাৎ ম’বাইলটো বাজি উঠিল।
– মই ডাঃ হাতীমতাই কৈছোঁ। আপুনি এই নম্বৰত ফোন কৰিছিল নেকি ?
হৰেনে মনৰ আনন্দতে একে উশাহতে কৈ পেলালে।
– হয় হয়। মইয়ে ফোন কৰিছিলোঁ। আপুনি মোৰ দেউতাৰ চিকিৎসা কৰি আছে নহয় জানো ?
– আপোনাৰ দেউতা মানে কাৰ কথা কৈছে ? মই ভালদৰে ধৰিব পৰা নাই। আপোনাৰ দেউতাৰ নামটো ক’ব নেকি ? বহুতো ৰোগী চাওঁ নহয়। গতিকে…….
– নিশ্চয়। মইও যে আৰু। দেউতাৰ নাম দেবেন দাস। অৱসৰ প্ৰাপ্ত জিলা উপায়ুক্ত। দক্ষিণ শৰনীয়াত ঘৰ।
– আৰু তই হৰেন নহয়নে বাৰু ? সিমুৰৰ পৰা ভাঁহি অহা কথাত হৰেন উচাপ্ খাই উঠিল আৰু চিঞৰি ক’লে।
– মানে ?
– মানে কি ? মই ৰমেনে কৈছো। পাহৰিলি নেকি ? আমেৰিকালৈ গৈ আমাক মনৰ পৰা বিদায় দিলি ?
– আৰে ৰমেন, কি কৈ আছ এইবোৰ। তোক পাহৰি যোৱাৰ কথা কেনেকৈ মনত আহিল ? কিন্তু কচোন, তই ডিব্ৰুগড়ৰ অসম চিকিৎসা কলেজত আছিলি দেখোন। এতিয়া গুৱাহাটীত যে!
– সেয়া বহুত কথা অ’হৰেণ। চৰকাৰে বাৰে বাৰে মোক এইখন হাস্পতালৰ পৰা আনখনলৈ বদলি কৰাৰ বাবে বৰ অসুবিধা পালোঁ। শেষত চাকৰি এৰি দিলোঁ আৰু এতিয়া ইয়াত এখন ব্যক্তিগত হাস্পতালত কাম কৰি আছোঁ বৰ্ত্তমান আৰু ট্ৰেন্সফাৰৰ চিন্তা নাই।
কৌতুহল দমাব নোৱাৰি হৰেণে ক’লে।
– গুৱাহাটীয়া হ’লি তাৰ মানে। ক’ত ঘৰ কৰিলি?
– সেইবোৰ সকলো ক’ম দে। পিচে তই কেতিয়া আহিলি?
লগতে কোন আহিছে ?
ৰমেনৰ কথা শুনি হৰেণ আচৰিত হ’ল। এইবাৰ সি কি কৈছে। কলেজীয়া সময়ৰ কথাবোৰ সি বন্ধু হিচাপে ভালদৰে জানে দেখোন। নে কিবা বেলেগ সন্দেহ কৰিছে? মনৰ খুঃদুৱনি মৰাৰ বাবে খং কৰি ৰমেনক উভটি ধৰিলে।
– পাগল হৈছ নেকি? কি বকি আছ? তইতো দেখো মোৰ সকলো কথা জান।
সহজ কৰি দিয়াৰ উদ্দেশ্যৰে ৰমেনে উত্তৰ দিলে।
– খং উঠিছে নেকি? তামচা কৰিছোঁ অ’। দুবছৰৰ মূৰত তোৰ মাতটো শুনিছো যে সেয়েহে—
ৰমেনৰ কথাখিনি শেষ হ’ব নিদিলে হৰেণে। ক’লে-
– বাৰু তোক ক’ত লগ পাম কচোন। ডাক্তৰ মানুহ, নিশ্চয় ব্যস্ত। দেউতাৰ অসুখৰ বিষয়ে অলপ কথা পাতিব খুজিছো অ’ তোৰ লগত।
– কিয় কিবা অসুবিধা হৈছে নেকি?- ৰমেনে সুধিলে।
– সুবিধা অসুবিধাৰ কথা নহয় অ’। মই জানিব বিচাৰিছো দেউতাৰ স্বাস্থ্যৰ বিষয়ে।
ৰমেনে লগে লগে হৰেণৰ কথা শেষ হবলৈ নিদি চিঞৰি ক’লে-
-হ’বদে। ইমান চিন্তাৰ কোনো কাৰণ নাই। বয়সো হৈছে। তাতে ডায়বেটিক ৰোগী। চাৰিওফালে কৰুণা মহামাৰীয়ে মানুহক আতঙ্কিত কৰিছে।
সেয়েহে অলপ সাৱধানে থকা কথা কৈছোঁ। পিচে তোৰ দেউতাৰাৰ বজাৰ কৰা লক্ষণটো আছে নহয়। গতিকে বাহিৰলৈ ওলাব মানা কৰিবি।
– কিন্তু ৰমেন, ভাই এটা কথা বুজি নাপালোঁ। মোক ইমান ল’ৰালৰিকৈ কিয় আহিব ক’লে ।
– অ’ বুজিলো। তোৰ চিন্তা কৰবাত। বিয়াখন পাতি নেপেলাৱ কিয়? আমেৰিকাত হোৱা বেমাৰৰ প্ৰাদুৰ্ভাৱৰ বাতৰি চাই চাই মা-দেউতাৰাৰ মন বেয়া হৈ গৈছে। সেয়েহে তোক মতাৰ কথাটো ময়েই ক’লো। এতিয়া বুজিলি।
– বদমাছ। তোক মই….
– হ’ব হ’ব। গালি পাৰ বা যি কৰ কৰিবি। অলপ পিচত মই গৈ আছোঁ তোৰ ওচৰত। এতিয়া ফোন ৰাখিলো।
ৰমেনে ফোনটো কাটি দিলে।
মনৰ আনন্দত মাকক চিঞৰি মাতিলে হৰেণে-
– অ’মা, ৰমেন আমাৰ ইয়ালৈ আহি আছে। বহুত দিনৰ মূৰত তাক লগ পাম। তুমি তাৰ বাবেও খোৱাৰ ব্যৱস্থা কৰা।
পাকঘৰৰ পৰা মাকে মাত লগালে- হ’ব দে। ৰমেন আহি পোৱাৰ আগে আগে গাটো ধুই লোৱাৰ আশাৰে হৰেণ বাথৰুমত সোমাল।