প্ৰস্তুতি পৰাশৰ অভিনীত নতুন অসমীয়া চিনেমা ‘প্ৰতিশ্ৰুতি’
ৰঙিলী বাৰ্ত্তাসেৱা- ২৪ মে’ৰ পৰা তিনি চাৰি সপ্তাহলৈ চিনেমা হলত হিন্দী চিনেমা চলাবলৈ মানা কৰিছে আলফা (স্বাধীন)-এ।উল্লেখ্য যে অহা ২৪ মে’ত মুক্তি লাভ কৰিব ড্ৰাগছক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ‘প্ৰতিশ্ৰুতি’ নামৰ চিনেমাখন। অসমৰ ৰাইজক এই চিনেমাখন চাবলৈ আলফাই আহ্বান জনাইছে আৰু চিনেমাখন চলি থকা সময়ত, অন্ততঃ তিনি চাৰি সপ্তাহলৈ অসমত হিন্দী চিনেমা নচলাবলৈ কৈছে আলফাৰ আনুষ্ঠানিক বিবৃতিত।