প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ ব্যৱস্থাপনা সমিতিৰ সভা সম্পন্ন

প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ ব্যৱস্থাপনা সমিতিৰ সভা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ২ জুলাইত তেজপুৰত অনুষ্ঠিত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে গঠন কৰি দিয়া ১৬ জনীয়া লোকসভা ব্যৱস্থাপনা গোটৰ এখন সভা আজি কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত হয়। আপ অসমৰ উপ-সভাপতি ৰাজীৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মিডিয়া তত্ত্বাৱধায়ক হেমন্ত ফুকন আৰু সাংগঠনিক সম্পাদক ভৈৰৱ গগৈও উপস্থিত থাকে।সভাখনত আম আদমি পাৰ্টীৰ প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় শক্তিৰ সন্দৰ্ভত এক প্ৰতিবেদন যুগুত কৰিবলৈ আজিৰ সভাতে কৰ্মপন্থা নিৰ্ধাৰণ কৰা হয়। উল্লেখ্য যে ১৬ জনীয়া গোটটোৱে অহা ৩১ জুলাইৰ ভিতৰত ইয়াৰ প্ৰতিবেদন ৰাজ্যিক সমিতিক জমা দিব লাগিব।সভাৰ অন্তত উপ-সভাপতি ৰাজীৱ শইকীয়াই কয় যে বিজেপিৰ ভ্ৰষ্ট চৰকাৰখনত ক্ষমতাচ্যুত কৰি বিৰোধী ঐক্যৰ প্ৰাৰ্থীক কাজিৰঙা সমষ্টিৰ পৰা জয়যুক্ত কৰিবৰ বাবে আম আদমি পাৰ্টীয়ে দলৰ সমস্ত শক্তি প্ৰয়োগ কৰিব। সমষ্টিটোৰ ভোটাৰকো বিৰোধী ঐক্য ‘ইণ্ডিয়া’ৰ প্ৰাৰ্থীক ভোট দিবলৈ নেতাজনে আহ্বান জনায়।