প্ৰসিদ্ধ সমাজতত্ত্ববিদ, গৱেষক ড° প্ৰফুল্ল মহন্তৰ বিয়োগত ভিন ভিন দল-সংগঠনৰ শোক

Pc Facebook

প্ৰসিদ্ধ সমাজতত্ত্ববিদ, গৱেষক ড° প্ৰফুল্ল মহন্তৰ বিয়োগত ভিন ভিন দল-সংগঠনৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰসিদ্ধ  সমাজতত্ত্ববিদ, গৱেষক, সাহিত্যিক, শিক্ষাবিদ, আনন্দৰাম বৰুবা  ভাষা-কলা-সংস্কৃতি সংস্থা (আবিলাক)ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড° প্ৰফুল্ল মহন্তৰ বিয়োগত ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । এক শোক-বাৰ্তাত বহুভাষিক সাহিত্য  মঞ্চ,অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক  দীপক শৰ্মা, উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘৰ সভাপতি কুলৰঞ্জন ভূঞা,প্ৰধান সম্পাদক শৈলেন তালুকদাৰ, চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ সম্পাদক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰাক্তন উপ-সভাপতি পদ্মশ্ৰী প্ৰাপক ড° সূৰ্য হাজৰিকা,  বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মিন্দ্ৰ সিংহ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ:সম্পাদক কমল কলিতা, শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তনঘৰৰ সভাপতি অৱনীৰঞ্জন পাঠক, বিশিষ্ট কবি-গীতিকাৰ শচীন দাস,স্বেচ্ছাসেৱী সংস্হা ’জনসেৱা’ৰ সভাপতি কুমুদ শৰ্মা আৰু সম্পাদক নুৰুল হক আহমেদে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিশাল ব্যক্তিত্ব, বহুমুখী প্ৰতিভা, কৰ্মৰাজীক স্মৰণ কৰে ।