প্ৰসিদ্ধ নাট্য ব্যক্তিত্ব ৰতন থিয়াম আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ সাংস্কৃতিক ক্ষেত্ৰলৈ এক দুখবৰ। ভাৰতৰ কিংবদন্তী নাট্যকাৰ-পৰিচালক ৰতন থিয়াম আৰু নাই।দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২৩ জুলাই তাৰিখে পুৱা ১.৩০ বজাত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস কৰে বিশিষ্ট নাট্যকৰ্মীগৰাকীয়ে। মৃত্যুৰ বয়সত শিল্পীগৰাকীৰ বয়স আছিল ৭৭ বছৰ। দেশৰ খ্যাতনামা নাট্য ব্যক্তিত্ব আছিল ৰতন থিয়াম। পদ্মশ্ৰী বঁটা বিজয়ী থিয়াম আছিল পৰম্পৰাগত মণিপুৰী শিল্পকলা আৰু সমসাময়িক নাট্যশৈলীৰ মিশ্ৰণেৰে মঞ্চশিল্পক পুনৰ পুনৰ সংজ্ঞায়িত কৰা এগৰাকী শিল্পী। কেৱল সেয়াই নহয়, মণিপুৰী শিল্পকলাৰ পৰম্পৰাৰ নান্দনিকতা আৰু দৰ্শনকো বিশ্বব্যাপী চিনাকী কৰি দিছিল থিয়ামে। ৯৪৮ চনৰ ২০ জানুৱাৰীত নদিয়া জিলাৰ পশ্চিম বংগৰ নবদ্বীপত জন্মগ্ৰহণ কৰা ৰতন থিয়ামৰ ডাঙৰ-দীঘল হৈছিল ইম্ফলৰ হাওবাম দেৱান লেনত – তেওঁৰ পিতৃ গুৰু থিয়াম তৰুণকুমাৰ আছিল শাস্ত্ৰীয় মণিপুৰী নৃত্যৰ অন্যতম সন্মানীয় গুৰু, আৰু মাতৃ বিলাসীনী দেৱী আছিল এগৰাকী প্ৰখ্যাত নৃত্যশিল্পী। ১৯৮৭ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল ৰতন থিয়ামে। ২০১৩ চনৰ পৰা ২০১৭ চনলৈকে নেশ্যনেল স্কুল অৱ ড্ৰামাৰ পৰিচালক হিচাপেও আছিল তেওঁ।