প্ৰসিদ্ধ চিন্তাবিদ ড° প্ৰফুল্ল মহন্তৰ মৃত্যুত শোক

Pc Facebook

প্ৰসিদ্ধ চিন্তাবিদ ড° প্ৰফুল্ল মহন্তৰ মৃত্যুত শোক

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এগৰাকী প্ৰসিদ্ধ চিন্তাবিদ , অসমীয়া জাতি সত্বা আৰু জাতীয়তাবাদ , অসমৰ খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠী সমূহৰ বিষয়ে বাস্তৱ সন্মত আৰু নিৰপেক্ষভাৱে গৱেষণাৰে জীৱন যোৰা সাধনাৰ জড়িয়তে অনন্য সাহিত্য সৃষ্টিৰে ভাষা- জননী লৈ অবদান আগবঢ়াই  পৰলোকপ্ৰাপ্তি ঘটা ড° প্ৰফুল্ল মহন্ত লৈ ড° ভূপেন হাজৰিকা ফাউণ্ডেচন আৰু প্ৰাগজ্যোতি কমিউনিকেশ্বনৰ হৈ দীপাঙ্ক হাজৰিকাই গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁৰ পবিত্ৰ  বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। জীৱনৰ সম্পূৰ্ণ সময় জাতীয় বিষয়ত সমৰ্পন কৰাৰ লগতে মৃত্যুৰ পাছতো মানৱ সমাজৰ কল্যাণৰ বাবে দেহ দান কৰি অপূৰ্ব নিদৰ্শন দি যোৱা ড° প্ৰফুল্ল মহন্তৰ অৰিহণা অসমৰ সমাজ জীৱনত অনাগত দিনবোৰতো স্মৰণীয় হৈ থাকিব বুলি ড° ভূপেন হাজৰিকা ফাউণ্ডেছন আৰু প্ৰাগজ্যোতি কমিউনিকেশ্বনে মত পোষণ কৰিছে৷