প্ৰশ্নবোধক – মইনুল হক

প্ৰশ্নবোধক
মইনুল হক
যদি ভালেই পোৱা তেন্তে
পোহৰ হোৱা
দূৰৈৰ পৰাই যেন
তোমাক চাব পায়।
যদি ভালেই পোৱা তেন্তে
ফুল হোৱা
যাতে তোমাৰ কাষত বহি
প্রাণ খুলি লব পাৰে স্বস্তিৰ নিঃশ্বাস।
যদি ভালেই পোৱা তেন্তে
সাগৰ হোৱা
যেন নদীৰ দৰে মিলি যাব পাৰে
তোমাৰ প্রশস্ত নীলাৰ বুকত ।
যদি ভালেই পোৱা তেন্তে
অন্তৰায় কিয়?
খুলি দিয়া অন্তৰ
যাতে দেখা পায় নিৰ্মল মৰম।
যদি ভালেই পোৱা তেন্তে
আকাশ হোৱা
যেন উৰিব পাৰে
তোমাৰ উদাৰ হৃদয় আকাশত
যদি ভালপোৱা তেন্তে
আঘাত পাওক তাৰ দুঃখত
একাজলি অশ্রু নামক
তোমাৰো চকুত।
যদি ভালেই পোৱা তেন্তে
গডছে কিয়?
মহাত্মা হোৱা
বাপুয়ে কৈছিল,
প্ৰেমে স্বাধীনতা দিয়ে।