প্ৰশ্নকাকত ফাদিলৰ ঘটনাত ব্যৰ্থতা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

PC - Deccan Herald

প্ৰশ্নকাকত ফাদিলৰ ঘটনাত ব্যৰ্থতা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰশ্নকাকত ফাদিলৰ ঘটনাত ব্যৰ্থতা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই৷এই সন্দৰ্ভত আজি বিধানসভাত মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে।মুখ্যমন্ত্ৰীয়ে কয় ‘মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ’ব নালাগিছিল৷এয়া আমাৰ ব্যর্থতা। মুখ্যমন্ত্ৰী হিচাপে মই সেই ব্যর্থতা স্বীকাৰ কৰিছো।’ আনহাতে বিধানসভাৰ মজিয়াৰ পৰাই ছাত্ৰ-ছাত্ৰীসকললৈ এক বিশেষ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীয়ে কয় যে ‘ছাত্র-ছাত্রীসকলে নতুন উদ্যমেৰে পৰীক্ষাত অৱতীৰ্ণ হওক।তেওঁলোকৰ ভৱিষ্যতৰ সুৰক্ষাৰ দায়িত্ব আমি ল’ম।’