প্ৰশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ

প্ৰশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰশ্নকাকত ফাদিলৰ অন্যতম মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ । লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰিলে কুমুদ ৰাজখোৱাই। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল কুমুদ। ডফলাকটা হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক কুমুদ ৰাজখোৱা। এইজন কুমুদ ৰাজখোৱাই WhatsAppত প্ৰচাৰ কৰিছিল মেট্ৰিকৰ প্ৰশ্নকাকত। ডিজিপি জি পি সিঙে সংবাদমেলত কুমুদ ৰাজখোৱাক আত্মসমৰ্পণ কৰিবলৈ কৈছিল। অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিছিল ডিজিপিয়ে। সংবাদমেলৰ কেইটামান ঘণ্টা পিছতে আত্মসমৰ্পণ কৰিলে কুমুদে। জি পি সিঙে উল্লেখ কৰা অনুসৰি, আন এজন মাষ্টাৰমাইণ্ড প্ৰণৱ দত্তই কুমুদ ৰাজখোৱাক ৫ হাজাৰ বিনিময়ত প্ৰশ্নকাকত যোগান ধৰিছিল। প্ৰশ্নকাকত ফাদিলৰ তদন্ত আৰম্ভ হোৱা গম পাই ৰাজখোৱাই প্ৰশ্নকাকত জ্বলাই দিছিল। ইতিমধ্যে ৰাজখোৱাৰ ভাড়াৰঘৰৰ চৌহদত আধাপোৰা অৱস্থাত সাধাৰণ বিজ্ঞান আৰু অসমীয়া প্ৰশ্নকাকত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কুমুদ ৰাজখোৱাই প্ৰশ্নকাকত লাভ কৰাৰ পিছত নিজৰ বিদ্যালয়ৰ WhatsApp গ্ৰুপত প্ৰচাৰ কৰিছিল। তাৰ পিছতে কিছুলোকক অনলাইনযোগে ধন লৈ প্ৰশ্নকাকত দিছিল।