প্ৰশ্নকাকত-উত্তৰবহী ৰখা স্থানত ২৪ ঘণ্টাই থাকিব চিচি টিভি কেমেৰাঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা– অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিচালনা কৰা ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজন কৰা পৰীক্ষা কেন্দ্র তত্ত্বাবধায়ক আৰু সহকাৰী তত্ত্বাবধায়কসকলৰ অ’ৰিয়েণ্টেচন কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়ক আৰু সহকাৰী তত্ত্বাৱধায়কসকলক উদ্দেশ্যি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে কেন্দ্ৰৰ তত্ত্বাৱধায়কসকল পৰীক্ষাৰ ক্ষেত্ৰত সচেতন হ’ব লাগিব। এইক্ষেত্রত যাতে কোনোধৰণৰ খেলিমেলি নহয়, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তত্ত্বাবধায়কসকলে নিজৰ চাকৰি নিজেই ৰক্ষা কৰিব লাগিব। প্ৰশ্নকাকত, উত্তৰবহী ৰখা স্থানত ২৪ ঘণ্টাই চিচি টিভি, কেমেৰা থাকিব লাগিব বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শিক্ষকে যাতে ম’বাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ প্ৰতিও কঠোৰ নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ স্পষ্ট কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এইবাৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিচালনা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লিখিত পৰীক্ষাসমূহ ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। সেইদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহ ২৭ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব আৰু লিখিত পৰীক্ষাসমূহ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ অনুষ্ঠিত হ’ব। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭,৩৫৫খন বিদ্যালয়ৰ ৪,৩৮,৫৬৫ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হ’ব। ইয়াৰে ১,৯০,২৪৩গৰাকী ছাত্ৰ আৰু ২,৪৮,৩২২গৰাকী ছাত্রী। ঠিক সেইদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৩,১০৩খন বিদ্যালয়-মহাবিদ্যালয়ৰ ৩,৩০,৭৪৪ গৰাকী শিক্ষার্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাসমূহ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ নীতি-নিয়ম মানি চলি যাবতীয় ব্যৱস্থা গ্ৰহণৰ বাবে পৰীক্ষা কেন্দ্ৰসমূহত তত্ত্বাবধায়ক আৰু সহঃতত্ত্বাবধায়কৰ লগতে শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ তথা প্রধান শিক্ষক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক আহ্বান জনায়। লগতে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এইবাৰ হ’বলগীয়া মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সকলো কেন্দ্ৰ চৰকাৰী বিদ্যালয়ত স্থাপন কৰা হ’ব। কোনো বেচৰকাৰী বিদ্যালয়ত এইবাৰৰ পৰীক্ষা কেন্দ্ৰ নহ’ব। পৰীক্ষাৰ খেলিমেলি হ’লে বা প্রশ্নকাকত আদি ফাদিল হ’লে সেয়া বেচৰকাৰী বিদ্যালয়ত হোৱাৰ সময়ত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত দেখা দিয়া কাৰিকৰী সমস্যাৰ বাবে যোৱা বছৰেই বেচৰকাৰী বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাৰ সিদ্ধান্ত লোৱা বুলিও তেওঁ কয়। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ, ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈন, উপাধ্যক্ষ কক্স গোহাঁইবৰুৱা, সচিব প্ৰায়ণকে ধৰি শীর্ষ বিয়াসকলাল উপস্থিত থাকে।
