‘প্ৰশাসন গাঁও কি ঔ’ৰ অভিযানৰ অধীনত মাজুলীত মীন পালন প্ৰশিক্ষণ কাৰ্যসূচী

‘প্ৰশাসন গাঁও কি ঔ’ৰ অভিযানৰ অধীনত মাজুলীত মীন পালন প্ৰশিক্ষণ কাৰ্যসূচী
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  দেশজুৰি আৰম্ভ হোৱা  সু-প্রশাসন সপ্তাহৰ উপলক্ষে “প্রশাসন গাঁও কি ঔৰ” অভিযানৰ অধীনত মাজুলী জিলা প্রশাসন আৰু মীন বিভাগ , মাজুলীৰ  উদ্যোগত জিলাখনৰ দক্ষিণপাট অঞ্চলৰ উদ্যোগী মহিলা লক্ষিমী শইকীয়া বৰাৰ মীন পামত মাজুলী জিলাৰ প্রায় ৫৭ জন মীন পালকৰ উপস্থিতিত  মীন পালনৰ এক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আয়ুক্ত ৰাতুল চন্দ্র পাঠকে বিভিন্ন মীন সম্পদ সমূহৰ যথোচিত ব্যৱহাৰৰ জৰিয়তে মৎস্য উৎপাদন বৃদ্ধি কৰি অর্থনৈতিক অৱস্থা টনকিয়াল কৰি স্বাৱলম্বীতাৰ পথ প্রশস্ত কৰিবলৈ মীন পালক সকললৈ আহবান জনায়।
মহকুমা মীন উন্নয়ণ বিষয়া ভদ্রেশ্বৰ মিলিয়ে লখিমী শইকীয়া বৰাৰ পুখুৰীৰ পাৰত সকলো মীন পালকক মীন পালনৰ বিভিন্ন কৌশল সমূহ পুংখানুপুংখভাবে  বুজাই দিয়ে। ইয়াৰোপৰি বিষয়া গৰাকীয়ে মীন পালক সকলক মৎস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্রত সকলোধৰণৰ  কাৰিকৰী দিহা পৰামর্শ দিবলৈ মাজুলী জিলা মীন বিভাগ প্রস্তুত বুলি অৱগত কৰে। এই প্রশিক্ষণ কাৰ্যসূচীত মীন বিভাগৰ বহু কেইজন বিষয়াই সহযোগিতা আগবঢ়ায়।