প্ৰশাসনে কটা গছবোৰৰ কান্দোন
গছ-গছনি নহলে আপুনি,মই কোনোৱেই জীয়াই থাকিব নোৱাৰো বুলি জানিও আমি জধে-মধে গছ-গছনি কাটি তহিলং কৰিছো।সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি চোৰাং বেপাৰী,চৰকাৰ সকলোৱেই গছ কাটি ধ্বংস কৰিছো।চোৰাং কাঠ বেপাৰী সকলক ধৰিবলৈ চৰকাৰৰ এটা ডাঙৰ বিভাগ আছে।য’ত চৰকাৰে হাজাৰ-হাজাৰ কৰ্মচাৰী নিয়োজিত কৰি ৰাখিছে।কিন্তু বিভাগটো নামতহে আছে।কামত নাই।চোৰাং বেপাৰী সকলক নধৰে।বৰঞ্চ চৰকাৰৰ সেই বিভাগটোও চোৰাং কাঠ বেপাৰী সকলৰ মূল কাৰ্যালয় হে।সেয়েহে আমিও চৰকাৰক আহ্বান জনাঁও যে অতি সোনকালে বিভাগটোৰ নাম সলনি কৰিব লাগে।
বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে বৃক্ষ ৰূপণ ৰ দৰে সুন্দৰ সুন্দৰ কাৰ্যসূচী লৈ জনতাৰ সন্মূখত ডাঙৰ ডাঙৰ ভাষণ দিয়ে।গছ পুলি ৰূপণ কৰাৰ দৃশ্য গুগুল্ মিট্ ৰ দ্বাৰা লাইভ দেখুৱাই থাকিব লাগে।প্ৰকৃততে কিমান গছপুলি যতন লৈ ডাঙৰ দীঘল কৰা হৈছে।তাৰ খবৰ লবলৈহে চৰকাৰৰ সময় নহয়।আচলতে চৰকাৰে বৃক্ষৰূপণৰ দৰে কাৰ্যসূচী লৈ লাখ লাখ গছপুলিক ধংসহে কৰে।যদি চৰকাৰে সঁচাকৈয়ে গছপুলি ৰুই অসম খনক সেউজীয়া কৰাৰ কথা ভাবিছে।তেন্তে গছপুলি সমূহ ৰূপণ কৰিবৰ বাবে,তাক চোৱা-চিতা কৰিবৰ বাবে,প্ৰতিপালন কৰি ডাঙৰ হোৱালৈকে প্ৰতি ৪/৫ কিঃমিঃ অন্তৰে অন্তৰে বন বিভাগৰ অধীনত একোজনকৈ কৰ্মচাৰী নিয়োগ কৰক।তেঁওলোকৰ দ্বাৰাই ৰূপণ কৰা গছ সমূহে পূৰ্ণতা পাব আৰু এদিন সেই গছেই মানুহৰ পৰম বন্ধু হৈ পৰিব।কিন্তু পৰিতাপৰ কথা যে এইখন চৰকাৰৰে বহু প্ৰশাসনে নগৰৰ মাজমজিয়াত থকা গছ সমূহক সংৰক্ষণ কৰাৰ বিপৰীতে কাটি পেলাইছে।কাটি পেলোৱাৰ উদ্দেশ্য হৈছে নগৰৰ শোভা বৰ্ধন।
এতিয়া চৰকাৰলৈ আমাৰ প্ৰশ্ন যে নগৰৰ মাজমজিয়াত থকা গছ সমূহক সংৰক্ষণৰ ব্যৱস্থা কৰি নগৰৰ শোভা বৰ্ধন কৰিব নোৱাৰি নেকি? যি সমূহ প্ৰশাসনে গছ কাটি ধংস কৰে।তেওঁলোকে কিমান গছ পুলি ৰূপণ কৰি ডাঙৰ কৰিছে? প্ৰথমে এই উত্তৰ জনগণক দিয়ক।তাৰ পিচত হে গছ কটাৰ কথা চিন্তা কৰিব।
সত্যজিৎ গগৈ
ডিব্ৰুগড়