প্ৰশান্ত কিশোৰক কংগ্ৰেছত অন্তৰ্ভুক্ত কৰা সিদ্ধান্ত ছোনিয়া গান্ধী গ্ৰহণ কৰিব

pc- Times of India

প্ৰশান্ত কিশোৰক কংগ্ৰেছত অন্তৰ্ভুক্ত কৰা সিদ্ধান্ত ছোনিয়া গান্ধী গ্ৰহণ কৰিব

অনলাইন বাৰ্ত্তাসেৱা-  সভাপতি ছোনিয়া গান্ধীয়ে  ৰাজনীতিৰ চাণৈক্য হিচাপে পৰিগণিত হৈ পৰা প্ৰশান্ত কিশোৰক কংগ্ৰেছত অন্তৰ্ভুক্ত কৰা ওপৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।  ছোনিয়া গান্ধীয়ে সেউজ সংকেট প্ৰদান কৰাৰ লগে লগে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব। সংবাদ সূত্ৰত প্ৰকাশ পাইছে যে ছোনিয়া গান্ধীয়ে প্ৰশান্ত কিশোৰৰ বিষয়ে কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ সৈতে আলোচনা কৰিছে। কংগ্ৰেছৰ একাংশ নেতাই প্ৰশান্ত কিশোৰক দলত যোগদান কৰোৱাৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে দলটোৰে বহু নেতাই প্ৰশান্ত কিশোৰক দলত অন্তৰ্ভুক্ত কৰাৰ পক্ষে মত প্ৰদান কৰিছে। এই সকল নেতাই ভাবে যে, প্ৰশান্ত কিশোৰ দলৰ বাবে লাভজনক হ’ব। বিগত বছৰ কংগ্ৰেছৰ সংস্কাৰৰ দাবীত ছোনিয়া গান্ধীলৈ চিঠি লিখা ২৩ জনীয়া কংগ্ৰেছ নেতাৰ দলটোৱে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰাত আপত্তি জনাইছিল। কংগ্ৰেছৰ এক বৈঠকত কিশোৰৰ কংগ্ৰেছত যোগদানৰ বিষয়টো সন্দৰ্ভ এই নেতাসকলৰ মাজত এক আলোচনা কৰা হৈছিল। ইয়াৰ মাজতে আকৌ প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰা আৰু নিৰ্বাচনী ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে ৰাহুল গান্ধীৰ লগত এক বৈঠকত মিলিত হৈছিল।উল্লেখ্য যে  প্ৰশান্ত কিশোৰে প্ৰথমে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ কাম কৰিছিল আৰু তাৰ পিছত জেডি(ইউ)ত যোগদান কৰিছিল। দলটোত তেওঁ উপ-সভাপতিৰ দায়িত্বও পালন কৰিছিল। আনহাতে কংগ্ৰেছৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত পঞ্জাৱত দলটোক সহায় কৰিছিল আৰু মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পৰামৰ্শদাতা আছিল।