প্ৰশান্তি – দিপ্তী মনি গোস্বামী

PC - Unsplash
প্ৰশান্তি 
দিপ্তী মনি গোস্বামী, লখিমপুৰ
আজিৰ পৰা প্ৰায়  দুবছৰৰ আগৰ কথা … মোৰ জীৱনৰ এটা দিন…, এটা ৰাতি…, কবলৈ গ’লে….এটি ভয়াবহ দিন লগতে এটি চিৰস্মৰণীয় দিন ….!! ইমান দিনে নিজৰ লগতেই কঢ়িয়াই লৈ ফুৰিছোঁ ।আজি ভাবিছোঁ …..সমাজলৈ মুকলি কৰি দিওঁ…বিশ্ববাসীৰ মনলৈ দেহলৈ অশতিৰ সংকেত কঢ়িয়াই অনা সময়…গৃহবন্দী হৈ আছোঁ ,ক’ভিড প্ৰটক’ল মানি চলি আছোঁ ,হাতত সময়েই সময়।বিচনাতে পেট টো পেলাই  ভৰি দুটা ওপৰলৈ দাঙি, ইউটিউবত ভিডিঅ এটা চাই আপোন পাহৰা হৈ আছোঁ ,তেনেকুৱাতে মোৰ ওপৰত পৰিল মাৰ নেৰানেপেৰা গালিৰ বৰষুণ এইহেনটো মানুহ দিনটো বিচনাতে পৰি অদকাৰত সময়বোৰ নষ্ট কৰি থাক ,খৰি এদাল  যোগাৰ দিব নোৱাৰ …? মোৰ মুৰৰ চুলিখিনি চিঙি ভাত বনাই খোৱাব লাগে নেকি ?? দুমাহৰ আগতে হাজিৰা দি বাৰীৰ গছ জোপা ফলাইছিলো শেষ হল,কিমান দিন যাব আৰু …!! নাৰিকলৰ শুকান পাতবোৰৰ লগত মিলাই মিলাই ইমান দিন যেনে তেনে  জোৰালো আৰু ..! আজি ৰাতিলেই খৰি নাই ,শুকান খৰি দুডাল মান বিছাৰি আন বেগেতে ।।মা’ৰ বকছনিত  মোৰ মুৰটো গৰম হৈ গ’ল, খঙৰ ভমকত কুঠাৰখন লৈ ওলাই গলো , খৰি বিছাৰিবলৈ। গোটেই বাৰীখন ঘূৰিলো  ক’তো  একো খৰিয়েই দেখা নাপালো , আচলতে মোৰ অভ‍্যাস অভিজ্ঞতা একো নাই খৰি গোটোৱাৰ ওপৰত ..! সদায় মায়ে হাজিৰা দিয়েই সেই কামবোৰ কৰায় যে ।।ঘৰৰ পৰা এশ মিটাৰ নিলগত থকা সেউজী পাহাৰটোলৈ গলো আৰু  চিলঙিয়া পাইন এজোপাকে কাটি লৈ আহিলো । গছডাল থৈ হাত মুখ ধুঁই লৈ  ভাত কেইটা খাই এঘন্টমান জিৰাই লৈ খৰি খিনি ফালি পেলালো ।।তেতিয়ালৈ সন্ধ‍্যা হলেই,গাটো ধুই চাহ‌ অকনমান খাই বিচনাতে  বাগৰিলো। কাম নকৰা ম‌ইতো ভাগৰত লালকাল হৈ কেতিয়া টোপনিৰ কোলালৈ গ’লো ,গমেই নাপালো। টোপনিত ম‌ই উশাহ লব পৰা নাই,চকু মেলি দেখিছোঁ  ম‌ই দিনত কটা গছ জোপাৰ তলত ম‌ই শুই আছোঁ ,গছজোপাৰ পৰা দুখন বিৰাট‌ আকাৰৰ বলিষ্ঠ হাত ওলাই মোৰ ডিঙিটো চেঁপা মাৰি ধৰিছে , ম‌ই যিমানেই চটফটাইছোঁ সিমানেই জোৰেৰে মোৰ ডিঙিত চেঁপা দিছে ।। ডাঙৰ ডাঙৰ চকু দুটাৰ পৰা তেজৰ নৈ বোঁৱাৰ দৰে হৈছে , মানে ধাৰাসাৰে ৰঙা কেঁচা তেজ হাওহাওকৈ ওলাইয়ে আছে ওলাইয়ে আছে । দাঁত কেইটা নিকটাই মোক খাই পেলাম যেন কৰিছে….ম‌ই কান্দি কান্দি এৰি দিবলৈ হাত যোৰ কৰি মিনতি কৰিছোঁ …নাই নুশুনে  ,ডিঙিটো বেছিকৈ হে চেপি ধৰিছে , লগতে বিকট চিঞৰ মাৰি হাঁহিছে , ভয়ত মোৰ অণ্ঠ কণ্ঠ শুকাই গৈছে ।। ম‌ই মা’ক খুউব চিঞঁৰিছোঁ  মা নাহে হে নাহে ।।তেনেকুৱাতে সম্ভৱ লাইটটো গুছি গল নেকি,মায়ে মোৰ বিচনাৰ ওচৰৰ টেবুল খনত ম’ম এডাল জ্বলাইছে। ম‌ই কলো… ইমান চিঞঁৰিছোঁ, তোমাক মাতিছো তুমি ক’ত আছিলা ? মায়ে কলে… ম‌ই দেখুন অথনিৰ পৰা  তোৰ ওচৰতে বহি কিতাপ এখন চাই আছিলো, প্ৰায় দুঘন্টা হ’ল ম‌ই ইয়াত বহি থকা…এই মাত্ৰহে উঠি গৈ ম’মডাল লগাইছো ।। ম‌ই ক’লো…অ…তেতিয়া হলে ম‌ই সপোনহে দেখিছিলো …!! ৰাতি মায়ে সুস্বাদু ব‍্যঞ্জনেৰে ভাত আনি মোৰ টেবুলত ৰুমতে দিলেহি…নাই, ম‌ই এগৰাহ্ ও  খাব নোঁৱাৰিলো… ৰাতি  টোপনিৰ নামত চকুটো মুদিবয়ে নোঁৱাৰিলোঁ..! চকুটো মুদিলেই সেই দৈত‍্যকায় চেহেৰাটো মোৰ চকুৰ আগত ভাঁহি  আহিবলৈ ল’লে ,জ্বৰ ঘামে ঘামি গোটেই গাটো গা ধোৱাৰ দৰে হৈ পৰিছোঁ ; মাজে মাজে আকৌ গাৰ লোমবোৰ থিয় হৈ গৈছে ।।ৰাতি পুৱালৈ আগ্ৰহেৰে অপেক্ষা কৰিলোঁ….সিদিনা ৰাতিটো বৰ দীঘল দীঘল লাগিছিল ।। মোৰ লগত ঘটা কথা খিনি সপোন নে দিঠক পাগুলি পাগুলিয়েই বাহিৰত কাউৰী কুকুৰাৰ মাত শুনিলোঁ ।সপোনেই হ‌ওঁক বা দিঠকেই হ‌ওঁক ম‌ই কিন্তু জীৱনলৈ ,মনতে এটা সংকল্প ললো ।। ৰাতি পুৱাই  গাটো ধুই চাহ একাপ খাই ওচৰৰ নাৰ্চাৰী খনলৈ গৈ গমাৰি পুলি দুটা আনি ,ম‌ই কটা গছজোপাৰ মূঢ়াটোৰ ওচৰতেই ৰুই থৈ আহিলো ,মনত এক বিমল আনন্দৰ প্ৰশান্তি লভিলো ।।