প্ৰয়োজনৰ পৰিসমাপ্তি  – নাচিমা য়াচমিন

প্ৰয়োজনৰ পৰিসমাপ্তি 

নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

প্ৰয়োজনৰ পৰিসমাপ্তি হ’লেই,
মানু্হৰ আচৰণতো পৰিবৰ্তন হয়।
যিজনে এসময়ত সান্নিধ্য বিচাৰিছিল,
আজি  সেইজনেই বিৰক্তিৰ চাৱনিত
মুখ ঘূৰাই লয়।
প্ৰতিটো সম্পৰ্ক সম নহয়,
কিছুমান সম্পৰ্ক  জীৱনত
স্থায়িত্ব পায় যত্নত,
আৰু কিছুমান সম্পৰ্ক নিৰ্ভৰশীল হয়
কেৱলমাত্ৰ প্ৰয়োজনৰ ভৰত।
সেয়েহে,
যেতিয়া কোনোবাই যদি
তোমাৰ ওচৰত উপস্থিত থাকে,
নিশ্চিত হোৱা অত্যন্ত জৰুৰী
তেওঁ প্ৰকৃততে কি বিচাৰে,
তোমাক নে,
 তোমাৰ প্ৰয়োজনখিনিক ?