প্ৰয়াত হৃদয় – আয়শা ছিদ্দিকা

Pc Tallenge Store

প্ৰয়াত হৃদয় 

আয়শা ছিদ্দিকা 
বাংলিপাৰা, বৰপেটা 

চাহ কাপ এতিয়ালৈকে টেবুল আহি নাপালেনে..?

মহাৰাণীৰ টোপনি ভাঙিবৰ সময়পৰ নহ’ল নেকি..?

খেজুৰৰ পাতেৰে পাটিৰ বেনুনি চিলাই চিলাই মানুহজনীয়ে চিঞৰি আছিল।

সন্মুখত খেজুৰৰ কেঁচা ৰস কেইবালটি মান ৰখা আছে।

অলপ আগতেই খেজুৰ গছৰ ৰস সংগ্ৰহ কৰা ব্যক্তিয়ে দি থৈ গৈছে কাৰণ পালি হিচাপত আজি গৃহস্তই ৰসৰ ভাগ পাব। ৰস দিয়া ব্যক্তিজনে পদূলি মুখৰ পৰা মহিলাজনীৰ চিঞৰ শুনি থমকি গৈছিল। পিছমূহুৰ্তত আকৌ স্বাভাৱিক হৈ নিজৰ গন্তব্যলৈ বুলি দীঘল খোজ পেলালে। মানুহজনে জনেই এইবোৰ যে নৈমিত্যিক ঘটনা।

বিয়া হোৱাৰ এক বছৰ পাৰ হ’ল একেই চিঞৰ একেই হুলস্থল লাগি থাকে ঘৰখনত। বিয়া হোৱাৰ প্ৰথম এক দুই মাহ ঠিকেই আছিল যেন ইয়াতকৈ সুখী পৰিয়াল আৰু দ্বিতীয় এটা নাই এই গাঁওখনত। বিয়া হোৱাৰ তৃতীয় মাহ নহওতেই আৰম্ভ হ’ল এক নতুন গৃহযুদ্ধৰ।

 মৃদুলাই কোনোমতে অসুস্থ শৰীৰ লৈ কপা কপা ভৰিৰে খোজ পেলায় শাহুমাকৰ কাষলৈ অহাৰ চেষ্টা কৰিলে। কিন্তু তাইৰ ভৰি যেন তাতেই জমট বান্ধিছে। তাতে গোটেই শৰীৰ বিষ। হাতৰ আঙুলিৰ পৰা আৰম্ভ কৰি ভৰিৰ পতা পৰ্যন্ত। কি হৈছে মৃদুলাই নাজানে কৰুণাৰ সময়ত কৰুণাৰ ভেঁকচিন লোৱাৰ পিছৰ পৰা জ্বৰ উঠিলেই গোটেই গাত বিষৰ তাণ্ডৱ চলে।

কোনোমতে থৰকবৰক খোজ পেলায় শাহুমাক ক’লে-

 : মা ! আজিৰ চাহকাপ ৰিমজিমক বনাই দিবলৈ ক’ব প্লিজ। মোৰ জ্বৰ উঠিছে বহুত থিয় হৈ থাকিব পৰা নাই। ঔষধৰ কথা কালি কৈছিলো কিন্তু পাহৰিল বুলি কৈছে। আজি চাৰিদিন এনেকৈ জ্বৰ লাগিয়েই আছে। কমিবলৈ যেন পাহৰি গৈছে।

: মাকৰ ঘৰত তাই চাহ বনাই খাব লাগিব নে..?

: মই অলপ অসুস্থ বুলি হে কৈছিলো। ঠিক আছে ময়ে বনাই দি আছোঁ।

: হ’ব সোনকালে বনাবা। মই আকৌ অলপ বাহিৰত যাম। ঘৰত সকলো কাম মই নিজে হাতে অকলে চম্ভালিব লাগে।

ক’ত কি লাগে কি নালাগে মই এদিন নেদেখিলে সকলো নিয়ন্ত্ৰণহীন হৈ পৰে।

ঘৰৰ চাৰিটা পেট মই যত্ন নাৰাখিলে ইমান দিনে কংকাল হৈ গ’লহেঁতেন। পোনাই যি উপাৰ্জন কৰে সকলোখিনি তোমাৰ পিছতেই খৰচ হয়। মোক আৰু কি সহায় কৰিব।

পুৰুষ নথকা ঘৰ এটা চলাবলৈ কিমান কষ্ট কৰিব লাগে তোমালোকে সেয়া নুবুজিবা। ইমান চিকুন পুৱাই ওলাই যাব লাগে পথাৰত।আৰু তাতো যদি সময়মতে চাহ একাপ নাপাওঁ কেনে লাগিব পাৰে।

: হ’লেই আৰু ৰ’ব।

মৃদুলাৰ সেমেকা মাত। শাহুমাকে শুনিলে নে নাই।কিন্তু সেইফালে ভঙা টেপ ৰেকৰ্ডৰ দৰে বাজিয়ে থাকিল।

উপৰৰ পৰা কিবা পৰাৰ শব্দ ভাঁহি আহিল। ৰাতিপুৱাৰ সময়ত সৰু শব্দ এটাও ডাঙৰ শুনা যায়। তাইৰ শাহুমাকে আকৌ চিঞৰি উঠিল –

কি পৰিল!

আকৌ কি ভাঙিল!

মই কষ্ট কৰি পইচা ঘটি বস্তু কিনিম আৰু তুমি ভাঙিবা।  বাপেৰৰ ঘৰৰ পৰাতো একো এটা লৈ অহা নাই , নিজৰ নহয় সেয়ে ভঙাৰ কষ্ট বুজি নোপোৱা।

তোমাৰ বাপেৰাই যি দিব খুঁজিছিল সেয়াও দিব পৰা নাই এটা বছৰত এতিয়া তুমি মোৰ যিখিনি আছে সেইখিনিও নষ্ট কৰা। মই আছোঁ মেচিন এটা টকা ঘটি  আনিম আৰু তুমি নষ্ট কৰিবা।  খঙতে ভুৰভুৰাই ওলায় গ’ল।

এইবোৰ ভৰ্ৎসনা শুনি শুনি মৃদুলাৰ অভ্যাস হৈ গৈছে। পানৰ পৰা চূণ খহিলেই  মুখত যি আহে কৈ থাকে তাইৰ শাহুমাকে। তাই মনে মনে সহ্য কৰি যায় সকলো। যেন সংসাৰৰ বিষ পঞ্চামৃত বুলি পিয়ে।

তাই বুজি পায় তাইৰ শাহুমাকৰ কষ্ট। ল’ৰা ছোৱালী এমা-ডিমা অৱস্থাত শাহুমাক বিধবা হয়।ইমান কষ্ট কৰি দিনে ৰাতিয়ে কাম কৰি ল’ৰা ছোৱালীক শিক্ষিত কৰিছে। মাকৰ আশা আছিল ডাঙৰ পুতেকক নিজে পছন্দ কৰি বিয়া পাতিব সেই আশাও পুতেকে পূৰ্ণ নকৰিলে।

আকৌ মৃদুলাৰ ঘৰৰ পৰা দিব খোজা বস্তু খিনিও আজিলৈকে দিব পৰা নাই তাইৰ ঘৰৰ পৰা। মৃদুলা যেন তাইৰ শাহুমাকৰ যন্ত্ৰণা বুজি পায়। কিমান কষ্ট,কিমান বেদনা বুকুত বান্ধিলৈ মানু্হজনীয়ে সূৰুয অস্ত যোৱা উদয় হোৱা দেখে।

যেন মানুজনীৰ মমতা,আবেগ সকলো সময়ৰ কঠিন চক্ৰত হেৰাই গৈছে । বাকী আছে মাথোঁ এটি  প্ৰয়াত হৃদয়।