প্ৰয়াত বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ স্মৃতিচাৰণ সভা

প্ৰয়াত বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ স্মৃতিচাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী ক্লাবত অৱস্থিত চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত বিশিষ্ট বুদ্ধিজীৱী, বাওঁপন্থী আন্দোলনৰ সুদৃঢ় অনুৰাগী, বিশিষ্ট সাংবাদিক তথা দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদক প্ৰয়াত অনিল বৰুৱাৰ সোঁৱৰণত গুৱাহাটীৰ ৬ জনীয়া আহ্বায়ক কমিটীৰ উদ্যোগত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সমাজৰ বিভিন্ন স্তৰৰ প্ৰায় অৰ্ধ শতাধিক মানুহৰ উপস্থিতিত স্মৃতিচাৰণ অনুষ্ঠানৰ আঁত ধৰে সমাজ কৰ্মী অজিত আচাৰ্য‌ই। সভাৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিক অনিল বৰুৱাৰ প্ৰতিকৃতিত উপস্থিত সকলোৱে মাল্যদান কৰে। সভাত প্ৰয়াত অনিল বৰুৱাৰ জীৱন সংগ্ৰামৰ বিভিন্ন দিশ ব্যাখ্যা কৰি বক্তব্য ৰাখে বিশিষ্ট সাংবাদিক, দৈনিক অসম কাকতৰ ডেপুটি এডিটৰ শিৱপ্ৰসাদ ডেকা, এছ ইউ চি আই (কমিউনিষ্ট) দলৰ ৰাজ্যিক কমিটীৰ সম্পাদক, প্ৰাক্তন অধ্যাপক চন্দ্ৰলেখা দাস, বেংক বিষয়া, বিশিষ্ট নিবন্ধকাৰ,নাট্যকাৰ,পৰিচালক জিতেন শৰ্মা প্ৰমুখ ব্যক্তি সকলে । সভাৰ আৰম্ভনিতে প্ৰয়াত অনিল বৰুৱাৰ স্মৃতিত শোক প্ৰস্তাৱ পাঠ কৰে সভাৰ অন্যতম আহ্বায়ক সুদীপ্ত চৰকাৰে। শোক প্ৰস্তাৱত তেওঁৰ চমু ইতিবৃত্ত দাঙি ধৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে আৰু নিকাভাৱমূৰ্তিৰ সংবাদ জগতক মহীয়ান কৰা এই নিৰ্ভীক সাংবাদিক গৰাকীৰ মৃত্যুত সংবাদ জগত তথা অসমৰ সমাজ জীৱনৰ বাবে ডাঙৰ ক্ষতি হ’ল বুলি উল্লেখ কৰে। সভাই প্ৰয়াত বৰুৱাৰ স্মৃতিত এক মিনিট সময় মৌনতা অৱলম্বন কৰে ।সভাত বক্তা সকলে প্ৰয়াত অনিল বৰুৱাৰ সাংবাদিকতাৰ জীৱনৰ অলেখ ঘটনা উল্লেখ কৰাৰ লগতে বৰ্তমান সংবাদ মাধ্যমত চলি থকা প্ৰচাৰ কেন্দ্ৰিক মানসিকতাৰ উৰ্দ্ধত থাকি তেওঁ চৰকাৰৰ প্ৰতিটো বিষয় সুক্ষ্ম বিশ্লেষণেৰে সমালোচনা কৰাৰ আপোচহীন সাংবাদিকতাৰ কথাও বক্তাসকলে ব্যক্ত কৰে। বক্তা সকলে আৰু কয় যে অত্যন্ত মেধাৱী ছাত্ৰ হিচাপে তেওঁ যোৰহাটত শিক্ষা জীৱন আৰম্ভ কৰিছিল যদিও আধাতে শিক্ষা জীৱন সামৰি মাৰ্ঘেৰিটাত শিক্ষকতা কৰে আৰু অলপ দিনৰ পাছত সেই চাকৰি এৰি যোৰহাটৰ পৰা প্ৰকাশিত জনমভূমি কাকতৰ উপ সম্পাদক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰে। ইয়াৰ পাছত ১৯৬৫ চনত দৈনিক অসম কাকতত যোগ দিয়ে । স্পষ্টবাদী , নিৰ্ভীক, ৰাজনৈতিক বিশ্লেষক প্ৰয়াত অনিল বৰুৱাই দৈনিক অসম কাকতত থাকোঁতে উদীয়মান লেখক, উপন্যাসিক ,সাংবাদিকক হাতে কলমে কি দৰে সৃষ্টি কৰিছিল আৰু দুখীয়া সাধাৰণ মানুহক নিজ হাতেৰে কি দৰে সহায় সহযোগিতা কৰিছিল সেই কথাও স্মৃতিচাৰণ সভাত বক্তা সকলে উল্লেখ কৰে। জীৱনৰ শেষ দিন পৰ্যন্ত সংবাদ সেৱাৰ নীতি নৈতিকতা বজাই ৰখা তথা নিৰ্ভীক সাংবাদিক প্ৰয়াত অনিল বৰুৱা সংবাদ জগতৰ এক আদৰ্শ ব্যক্তি হিচাপে জীয়াই থাকিব বুলিও বক্তা সকলে মন্তব্য কৰে।