প্ৰব্ৰজন বিৰোধী মঞ্চৰ সংবাদ মেল

প্ৰব্ৰজন বিৰোধী মঞ্চৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী ক্লাবস্থিত চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক অভিমন্যু হাজৰিকাই  এখন সংবাদ মেল অনুষ্ঠিত কৰে।উক্ত সংবাদ মেলত তেওঁ কয় যে, ২০১৪ চনত অসমৰ খিলঞ্জীয়াক ৰাজনৈতিক শক্তি বুলি বাংলাদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ক্ষমতালৈ আহি এন আৰ চিৰ কাম কৰিলে।আৰু এতিয়া কা আইন বলৱৎ কৰি লাখ লাখ বিদেশী বাংলাদেশীক একমাত্ৰ ভোটৰ স্বাৰ্থত নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰিলে। আনহাতে বাংলাদেশী মুছলমানক খিলঞ্জীয়া হোৱাৰ পথ মুকলি কৰি দিলে। তেওঁ আৰু কয় যে এয়া খিলঞ্জীয়াৰ বাবে অশনী সংকেত। অসমৰ জলন্ত সমস্যাৰ কিন্তু এটাও সমাধান হোৱা নাই। বিজেপি চৰকাৰে কা বলৱৎ কৰি এন আৰ চিক নস্যাত কৰিলে। লগতে হিমন্ত বিশ্ব শৰ্মাই এতিয়া মিঞাও খিলঞ্জীয়া হ’ব পাৰিব বুলি ঘোষণা কৰা কথা উল্লেখ কৰে। জাতিৰ আবেগক লৈ অসমৰ নেতাই সম্পূৰ্ণ ক্ষমতা আৰু শাসন গতাই এখন চোৰ চিন্দিকেতৰ চৰকাৰ আমাৰ ওপৰত জাপি দিলে বুলি তেওঁ মন্তব্য কৰে। সংবাদ মেলত হাজৰিকাৰ উপৰিও বিৰাজ মোহন হাজৰিকা,বিমান বৰকাকতি, আকাশ কলিতা উপস্থিত থাকে৷