প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান

প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- বলিউডৰ প্ৰবীণ অভিনেতাচলচ্চিত্ৰ পৰিচালক মনোজ কুমাৰ আৰু নাই। ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত মৃত্যু হয় মনোজ কুমাৰৰ।জানিব পৰা মতে তেওঁ যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল। সেয়ে তেওঁক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল।শুকুৰবাৰে পুৱতি নিশা ৩.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰেপ্ৰবীণ অভিনেতাগৰাকীয়ে। চিকিৎসাৰ প্ৰতিবেদন অনুসৰি তেওঁৰ মৃত্যুৰ কাৰণ তীব্ৰ মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন, এক গুৰুতৰ হাৰ্ট এটেক যাৰ বাবে তেওঁৰ কাৰ্ডিঅ’জেনিক শ্বক আহে বুলি জানিব পৰা গৈছে । লগতে মনোজ কুমাৰে বিগত কেইমাহমানৰ পৰা ডিকম্পেন্সেটেড লিভাৰ চিৰ’ছিছৰ সৈতে যুঁজি আছিল, যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল । মনোজ কুমাৰৰ প্ৰকৃত নাম আছিল হৰিকৃষ্ণ গিৰি গোস্বামী। ১৯৩৭ চনৰ ২৪ জুলাইত পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰা মনোজ কুমাৰে হিন্দী চিনেমাত নিজৰ এক সুকীয়া পৰিচয় এৰি থৈ গৈছে ।তেওঁ বলীউডৰ জৰিয়তে কেইবাখনো দেশপ্ৰেমূলক ছবি উপহাৰ দি গৈছে। তাৰ ভিতৰত উপকাৰ (১৯৬৭), পূৰব ঔৰ পাছিম (১৯৭০), ক্ৰান্তি (১৯৮১)ৰ দৰে ক্লাছিক চিনেমা।দেশপ্ৰেমিক নায়ক হিচাপে ৰূপালী পৰ্দাত তেওঁ দেখুওৱা চৰিত্ৰৰ বাবে তেওঁক ‘ভাৰত কুমাৰ’ আখ্যা দিয়া হৈছিল।  তেওঁৰ আন কেইখনমান জনপ্ৰিয় ছবি হ’ল- পতথৰ কে ছনম, শোৰ, সন্যাসী আৰু ৰৌতি কপড়া ঔৰ মাকন।ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে মনোজ কুমাৰক ১৯৯২ চনত পদ্মশ্ৰী আৰু ২০১৫ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। তেওঁ নিজৰ কামেৰে সকলোৰে হৃদয় জয় কৰিছিল। বলিউডত ভাৰত কুমাৰ নামেৰে পৰিচিত মনোজ কুমাৰৰ মৃত্যুৱে বলিউডৰ লগতে চলচ্চিত্ৰ প্ৰেমিসকলৰ মাজত শোকৰ ছাঁ পেলাইছে। সামাজিক মাধ্যমতো তেওঁৰ অনুৰাগীসকলে তেওঁৰ অভিনয় সোঁৱৰি শ্ৰদ্ধাঞ্জলি জনাইছে। চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, “কিংবদন্তি দাদাচাহেব ফাল্কে বঁটা বিজয়ীআমাৰ প্ৰেৰণা আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ সিংহ‘ মনোজ কুমাৰ জী আৰু নাই। এয়া উদ্যোগটোৰ বাবে এক বৃহৎ ক্ষতি আৰু সমগ্ৰ উদ্যোগটোৱে তেওঁৰ অনুপস্থিতি অনুভৱ কৰিব।”