প্ৰবাহিনী
বিপাশা বৰা,মাজুলী
হৃদয়ৰ দুৱাৰ খুলি, সময়ে গতিপথ সলালে
মোৰ প্ৰশ্ন হয় নিজলৈ…
শব্দৰে গঢ়া মনৰ কথাবোৰ নুফুলি মৰহি গ’লে
কি হ’ব?
ওলাই আহিবলৈ বিচৰা প্ৰশ্নবোৰক মনতে আবদ্ধ কৰি,
বতাহে কঢ়িয়াব নোৱাৰা শব্দবোৰক লগত লৈ,
মনৰ নিজানত উঠলি উঠা দৰদী
কবিতা এটিক কাষত বহুৱাই লৈ
ক’বলৈ মন যায় মোৰ, বহুত কথা…
শিমলু তুলাৰ দৰে চঞ্চল মোৰ মন নহয়
নদীৰ দৰে প্ৰতি সময়তে বৈ যাব পৰা
প্ৰবাহিনী নাৰীও মই নহয়।
প্ৰতি মূহুৰ্ততে বুজাব নোৱাৰো মই সময়বোৰক
অথচ প্ৰতিটো মূহুৰ্তক বুজিবও নোখোজো মই।
বুজিব নোৱাৰিলে থাকক নালাগে,নুবুজু সময়ক
থিক কোনোবা হাছনা্হানা ৰাতিৰ
সপোন এটিৰ দৰেই।
পাৰিলে নিজৰ কৰি সজাই লওঁ সময়বোৰক
ফাগুনৰ ৰং সিচাঁ বাটেৰেই
বতাহে উৰুৱাই নিয়ক মোৰ মনৰ ৰঙবোৰো,
বুকুত হেপাঁহৰ চিলাখনি উৰুৱাই
শুকান বুকুৰ হেপাঁহজাকক
বসন্তৰ জীপাল কাহিনী শুনাই
মইও বৈ যাম অসীমলৈ,
ধীৰে ধীৰে…