প্ৰবল ভূমিকম্পৰ পিছত ভয়ানক ছুনামিৰ কৱলত জাপান, ৰাছিয়া

প্ৰবল ভূমিকম্পৰ পিছত ভয়ানক ছুনামিৰ কৱলত জাপান, ৰাছিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-   ৮.৮ প্ৰাবল্যৰ ভূমিকম্পই ৰাছিয়াক জোকাৰি যোৱাৰ পিছতে জাৰি কৰা হৈছিল ছুনামিৰ সতৰ্কতা। সেই আংশকা অনুসৰিয়েই এতিয়া জাপান, ৰাছিয়াত ছুনামিয়ে আঘাত কৰিছে। একেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰতো ইয়াৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে।  খবৰ অনুসৰি জাপানৰ হোকাইডোৰ উপকূলীয় অঞ্চল আৰু ৰাছিয়াৰ পূৱ উপকূলৰ কুৰিল দ্বীপপুঞ্জত আঘাত কৰিছে ছুনামিয়ে। এই ছুনামিৰ প্ৰকোপৰ ফলত বহু কেইজন লোক আহত হৈছে।  ইতিমধ্যে জাপান চৰকাৰে সতৰ্কতাবাণী জাৰি কৰি কৈছে যে, ছুনামিৰ ফলত সাগৰৰ ঢৌৱে বাৰে বাৰে আঘাত কৰিব পাৰে। ঢৌৰ উচ্চতা প্ৰথমে ৩ মিটাৰ পৰ্যন্ত উঠিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছিল যদিও শেহতীয়াকৈ ছুমানিৰ ফলত প্ৰশান্ত মহাসাগৰত ঢৌৰ উচ্চতা ১৩ ফুট পৰ্যন্ত হ’ব বুলি অনুমান কৰা হৈছে। ছুনামিৰ প্ৰভাৱত পৰা উপকূলীয় অঞ্চলৰ পৰা সকলো বাসিন্দাক স্থানান্তৰ কৰা হৈছে।সতৰ্কবাণী প্ৰত্যাহাৰ নোহোৱালৈকে সেই অঞ্চলসমূহত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। জাপানৰ ফুকচিমা পাৰমাণৱিক শক্তি কেন্দ্ৰও খালী কৰা হৈছে। আনহাতে চীনৰ কিছু অংশৰ বাবেও ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আমেৰিকাতো ছুনামিৰ প্ৰভাৱ পৰাৰ আশংকা আছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি আভাচা উপসাগৰৰ উপকূলীয় চহৰ পেট্ৰ’পাভল’ভস্ক-কামচাটস্কিৰ পৰা পূব আৰু দক্ষিণ-পূবত ১২৫ কিলোমিটাৰ দূৰত্বত আৰু ভূগৰ্ভৰ ১৯.৩ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। প্ৰথমে এই ভূমিকম্পৰ প্ৰাবল্য ৮ বুলি কোৱা হৈছিল যদিও পিছত ৮.৮ বুলি নিশ্চিত কৰা হয়।