প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ লুৰীণজ্যোতি গগৈৰ

প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ লুৰীণজ্যোতি গগৈৰ
অসমীয়া সাংবাদিকতাৰ গতি-প্ৰগতিত পিজি বৰুৱাৰ যুগাগ্ৰগামী ভূমিকা চিৰস্মৰণীয় হৈ ৰ’বঃ লুৰীণজ্যোতি গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে দেহাৱসান ঘটা বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘শ্ৰদ্ধেয় পিজি বৰুৱা দেৱে অসমৰ সংবাদ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিছিল৷ অসমীয়া সাংবাদিকতাৰ গতি-প্ৰগতিত তেখেতৰ যুগাগ্ৰগামী ভূমিকা চিৰস্মৰণীয় হৈ ৰ’ব৷ অসমীয়া সমাজ, সাহিত্য আৰু বৌদ্ধিক জগতলৈ তেখেতে আগবঢ়োৱা বহুমূলীয়া অৱদান জাতীয় জীৱনে চিৰকাল শ্ৰদ্ধাৰে স্মৰণ কৰি যাব৷’’সভাপতি গগৈয়ে কয়, ‘‘এগৰাকী সমাজচিন্তক হিচাপে তেখেতে দেখুৱাই যোৱা দায়বদ্ধতা, স্পষ্ট মত আৰু নিৰলস কৰ্মস্পৃহাই অসমৰ সমাজ জীৱনক অনুপ্ৰাণিত আৰু সমৃদ্ধ কৰি গৈছে। বৰুৱা দেৱৰ চিন্তন, লেখা আৰু কৰ্মৰ জৰিয়তে গঢ় লৈ উঠা সামাজিক চেতনা আৰু মূল্যবোধ ভৱিষ্যতেও আমাৰ বাবে অনুকৰণীয় হৈ থাকিব।’’ প্ৰয়াত বিশিষ্ট সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি গগৈ আৰু ভূঞাই তেখেতৰ পৰিয়ালবৰ্গ, আত্মীয়স্বজন আৰু গুণগ্ৰাহী শুভানুধ্যায়ীলৈ সমবেদনা জ্ঞাপন কৰে৷