প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে

প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলে দেওবাৰে নেপালৰ কমিউনিষ্ট দলৰ নেতা কেপি শৰ্মা অলিক নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৷  ৰাষ্ট্ৰপতি ভৱনৰ মূল ভৱন শীতল নিৱাসত ৰাষ্ট্ৰপতি পৌড়েলে প্ৰধানমন্ত্ৰী অলিক শপত বাক্য পাঠ কৰোৱায় । সাংবিধানিক আদেশ অনুসৰি নিযুক্তিৰ ৩০ দিনৰ ভিতৰত সংসদৰ পৰা আস্থা ভোট লাভ কৰিব লাগিব কে পি শৰ্মা অলিয়ে। ২৭৫খন আসন থকা নেপালৰ সদনত কে পি শৰ্মা  অলিক ন্যূনতম ১৩৮টা ভোটৰ প্ৰয়োজন৷ উল্লেখ্য যে নেপালত সংবিধান জাৰি কৰাৰ পাছত এইবাৰ তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিছে কে পি শৰ্মা অলিয়ে । সংবিধান প্ৰকাশৰ পাছত ইতিমধ্যে অলিয়ে প্রথম কার্যকালত দুবাৰ আৰু সংবিধান সভাৰ সময়ত এবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হৈছিল। শপত গ্ৰহণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি ৰাম সহয়া প্ৰসাদ যাদৱ, প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবা, প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহাল, প্ৰতিনিধি সদনৰ অধ্যক্ষ দেৱৰাজ ঘিমিৰেকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। নেপালৰ নৱ নিযুক্ত প্ৰধান মন্ত্ৰী কে পি শৰ্মা অলিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে শুভেচ্ছা জ্ঞাপন কৰে।