প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত ডিব্ৰুগড় জিলাৰ ৩০০ যক্ষ্মা ৰোগীক বিচিপিএলৰ  পুষ্টিকৰ খাদ্য বিতৰণ

প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত ডিব্ৰুগড় জিলাৰ ৩০০ যক্ষ্মা ৰোগীক বিচিপিএলৰ  পুষ্টিকৰ খাদ্য বিতৰণ
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি (৩-১-২৫)ডিব্ৰুগড় জিলাৰ মুঠ ৩০০ জন যক্ষ্মাৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। ‘নিক্ষয় মিত্ৰ’- হিচাপে এই টোপোলা সমূহ প্ৰদান কৰে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে ।  উল্লেখযোগ্য যে বিচিপিএলে  সমগ্র জিলাৰ মুঠ ৬০০ গৰাকী নতুনকৈ চিনাক্ত হোৱা যক্ষ্মাৰোগীক দ্বিতীয়বাৰৰ বাবে ছয়মাহৰ পুষ্টিকৰ খাদ্যৰ টোপোলা যোগান ধৰে। প্ৰথম পৰ্যায়ত টেঙাখাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১০০ জন, নাহৰণি স্বাস্থ্য কেন্দ্ৰত ১০০ জন, বৰবৰুৱা স্বাস্থ্য কেন্দ্ৰত ৪০ জন আৰু খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৬০ জন ৰোগীক এই খাদ্যৰ টোপোলা সমূহ বিতৰণ কৰা হয়।এই বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ।  অনুষ্ঠানৰ লগত সংগতি ৰাখি উপস্থিত ৰোগী, স্বাস্থ্যকেন্দ্ৰৰ  কৰ্মচাৰী তথা জনসাধাৰণৰ মাজত  চমু সজাগতা সভাও অনুষ্ঠিত কৰা হয়। সভাত বিচিপিএলৰ  হৈ উপস্থিত থাকে ডিজিএম (এইচ আৰ)ৰোহিনীকান্ত শৰ্মা আৰু চিএছআৰ, নডেল বিষয়া চন্দন বৰুৱা। আনহাতে বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ হৈ উপস্থিত থাকে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: ইন্দিৰা নেওগ। সভাত বৰবৰুৱা উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া লক্ষিমা সন্দিকৈও উপস্থিত থাকে। আনহাতে ডিব্ৰুগড় এনটিইপিৰ হৈ উপস্থিত থাকে জিলা যক্ষ্মা বিষয়া ডঃ ৰবি বৰুৱা। অনুষ্ঠানটি পৰিচালনা কৰে ডিব্ৰুগড় এন টি ইপিৰ পি এম ডি টি সমন্বয়ক বিষ্ণু গোহাঁয়ে।