প্ৰধানমন্ত্ৰী মোদীৰ স্নাতক ডিগ্ৰীৰ তথ্য প্ৰকাশৰ নিৰ্দেশ নাকচ উচ্চ ন্যায়ালয়ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গ্ৰেজুৱেশ্যন ডিগ্ৰীৰ সৈতে সম্পর্কিত তথ্য প্ৰকাশৰ বাবে কেন্দ্রীয় তথ্য আয়োগৰ (CIC) নির্দেশক দিল্লী উচ্চ ন্যায়ালয়ে বাতিল কৰি দিছে। দিল্লী বিশ্ববিদ্যালয়ে কেন্দ্রীয় তথ্য আয়োগৰ এই নির্দেশৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰিছিল। ২০১৬ চনত দাখিল কৰা এখন তথ্য জনাৰ অধিকাৰ (RTI) আবেদনৰ ভিত্তিত CIC-য়ে দিল্লী বিশ্ববিদ্যালয়ক প্রধানমন্ত্রী মোদীৰ গ্ৰেজুৱেশ্যন ডিগ্ৰীৰ সৈতে সম্পর্কিত তথ্য প্রকাশ কৰাৰ নির্দেশ দিছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তৰ আদেশ অনুসৰি শৈক্ষিক ৰেকৰ্ড আৰু ডিগ্ৰী প্ৰকাশ কৰাটো বাধ্যতামূলক নহয়। প্রধানমন্ত্রী মোদীৰ শৈক্ষিক ৰেকৰ্ড প্ৰকাশৰ বিষয়ে এই আইনী যুদ্ধ বছৰ বছৰ ধৰি চলি আছে। তথ্য জনাৰ অধিকাৰ (RTI) আইনৰ অধীনত আবেদন দাখিল কৰাৰ পিছত কেন্দ্রীয় তথ্য আয়োগে ১৯৭৮ চনত বিএ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰৰ ৰেকৰ্ড পৰীক্ষা কৰাৰ অনুমতি ২১ ডিচেম্বৰ, ২০১৬ তাৰিখে দিছিল। প্রধানমন্ত্রী মোদীয়েও এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। বিশ্ববিদ্যালয়ে তৃতীয় পক্ষৰ সৈতে সম্পর্কিত তথ্য ভাগ-বতৰা নকৰাৰ নিয়মৰ উল্লেখ কৰি এই আবেদন প্রত্যাখ্যান কৰিছিল। কিন্তু কেন্দ্রীয় তথ্য আয়োগে (CIC) এই যুক্তি গ্ৰহণ কৰা নাছিল আৰু ২০১৬ চনৰ ডিচেম্বৰত দিল্লী বিশ্ববিদ্যালয়ক ৰেকৰ্ড পৰীক্ষাৰ অনুমতি দিয়াৰ নিৰ্দেশ দিছিল। চিআইচিকয়ে কৈছিল যে যিকোনো ৰাজহুৱা ব্যক্তি, বিশেষকৈ প্রধানমন্ত্ৰীৰ শৈক্ষিক যোগ্যতা স্বচ্ছ হোৱা উচিত। চিআইচিকয়ে এইটোও কৈছিল যে এই তথ্য থকা ৰেজিষ্টাৰক এখন ৰাজহুৱা দলিল হিচাপে গণ্য কৰা হ’ব।