প্ৰধানমন্ত্ৰী-ভাৰত চৰকাৰৰ স্থিতিৰ বিপৰীতে গৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে বিজ্ঞান-অংক ইংৰাজীত পঢ়োওৱাৰ সিদ্ধান্ত লোৱাৰ অভিযোগ জাতীয় পৰিষদৰ

Pc Assam Times Post

প্ৰধানমন্ত্ৰী-ভাৰত চৰকাৰৰ স্থিতিৰ বিপৰীতে গৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে বিজ্ঞান-অংক ইংৰাজীত পঢ়োওৱাৰ সিদ্ধান্ত লোৱাৰ অভিযোগ জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত প্ৰস্তুত কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ভাৰত চৰকাৰৰ নীতিৰ বিৰোধী৷ এই তাৎপর্যপূর্ণ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ আজি দলৰ কার্যালয়ত আয়োজিত এখন সংবাদ মেলত গগৈয়ে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন সময়ত মেডিকেল আৰু ইঞ্জিনীয়াৰিঙকে ধৰি সকলো ধৰণৰ বিজ্ঞান-প্ৰযুক্তি শিক্ষাৰ মাধ্যম মাতৃভাষাতে কৰাৰ ওপৰত গুৰুত্ব দি আহিছে৷ ২০২১ চনৰ ৭ ফেব্ৰুৱাৰীৰ দিনা অসমৰ ঢেকিয়াজুলীত এখন ৰাজহুৱাসভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কৈছিল দেশৰ প্ৰতিখন ৰাজ্যতে কমেও এখনকৈ মেডিকেল আৰু ইঞ্জীনিয়াৰিং কলেজৰ পাঠ্যক্ৰম স্থানীয় ভাষা অর্থাৎ মাতৃভাষাত হ’ব লাগে৷ ২০২১ চনৰ ২৯ জুলাই তাৰিখে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)ৰ প্ৰথম বৰ্ষপুৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধামনমন্ত্ৰীয়ে মাতৃভাষাত ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম দেশৰ ১১টা ভাষাত আৰম্ভ হোৱা বুলি ঘোষণা কৰি কৈছিল যে পৰ্যায়ক্ৰমে এই ব্যৱস্থা সমগ্ৰ দেশলৈ সম্প্ৰসাৰিত কৰা হ’ব৷ একে দিনা প্ৰধানমন্ত্ৰীৰ কার্যালয়ৰ টুইটাৰ হেণ্ডল (PMO India)ৰ পৰা টুইট কৰিও একে কথা কোৱা হৈছিল৷ আনহাতে, ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ (NEP)য়ে কেৱল প্ৰাথমিক শিক্ষাই নহয়, তাৰো ওপৰলৈ আনকি উচ্চ শিক্ষা পৰ্যন্ত মাতৃভাষাতে প্ৰদানৰ পোষকতা কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ২২ নং দফাত ইয়াৰ বিস্তৃত বর্ণনা দিয়া হৈছে৷ গগৈয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ২২.৬ দফাত স্পষ্টভাৱে এই কথা উল্লেখ কৰা হৈছে যে অসমীয়াকে ধৰি ভাৰতৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত ভাষাসমূহৰ অস্তিত্বলৈ সংকত নামি আহিছেআৰু উক্ত সংকট দূৰ কৰিবলৈ হ’লে বিদ্যালয়ৰ পাঠ্যপুথি সেইসমূহ ভাষাত প্ৰকাশ কৰি পাঠদান কৰাত প্ৰাধান্য দিব লাগিব৷ শিক্ষা নীতিৰ ২২.৭ৰ পৰা ২২.২০লৈ ভাষা সুৰক্ষা আৰু সংবর্দ্ধনৰ বিভিন্ন উপায় তথা পৰামর্শ আগবঢ়োৱা হৈছে৷ উল্লেখযোগ্য যে ২৮ জুললাইত অনুষ্ঠিত হোৱা ৰাজ্য কেবিনেটৰ বৈঠকে অসমৰ চৰকাৰী বিদ্যালয়সমূহত ৮ম শ্ৰেণীৰ পৰা দ্বি-ভাষা ব্যৱস্থা প্ৰৱৰ্তন আৰু তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু অংক বিষয় ইংৰাজী ভাষাত পাঠদান কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ৰাজ্য কেবিনেটৰ উক্ত সিদ্ধান্তক বিবেচনাশূন্য, অদূৰদৰ্শী হঠকাৰী আখ্যায়িত কৰি অসম জাতীয় পৰিষদে কয় যে চৰকাৰৰ সিদ্ধান্তই জাতিটোৰ ভাষাৰ ভৱিষ্যতৰ প্ৰতি সংকট নমাই আনিব৷ গগৈয়ে কয় যে সাধাৰণতে শিক্ষা সম্পৰ্কীয় নীতিগত সিদ্ধান্ত লোৱাৰ পূৰ্বে আগশাৰীৰ শিক্ষাবিদ, গৱেষক তথা বিশেষজ্ঞ ব্যক্তিসকলৰ মতামত গ্ৰহণ কৰা হয়৷ চৰকাৰে কোনখন বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত ললে, সেয়া স্পষ্ট কৰিবলৈ আৰু যদি কিবা বিশেষজ্ঞ সমিতি গঠন কৰিছিল আৰু বিশেষজ্ঞ সমিতিয়ে তেনে পৰামৰ্শ আগবঢ়াইছে, তেনেহ’লে উক্ত প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়৷ দলৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাণী দাস, মুখ্য উপদেষ্টা বসন্ত ডেকা, সম্পাদক ৰাজু ফুকন আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান উপস্থিত থকা সংবাদ মেলখনত গগৈয়ে লগতে কয় যে শিক্ষাৰ মাধ্যম মাতৃভাষাত হ’ব লাগে – এইটো বিশ্বজোৰা এটা সাৰ্বজনীন মত৷ ৰাষ্ট্ৰসংঘ (UNO) আৰু ইয়াৰ সহযোগী সংস্থা ইউনেস্কো (UNESCO)ই মাতৃভাষাত শিক্ষাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে৷ আনহাতে, দেশ-বিদেশৰ বিজ্ঞানী, শিক্ষাবিদ, জননায়কসকলে মাতৃভাষাতে শিক্ষা প্ৰদান কৰিব লাগে বুলি কৈ গৈছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে নোবেল বঁটাপ্ৰাপ্ত ভাৰতীয় বিজ্ঞানী চি ভি ৰমন আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি মিছাইলমেন ডঃ এ পি জে আব্দুল কালামে বিজ্ঞানৰ শিক্ষা মাতৃভাষাতে হোৱাৰ পোষকতা কৰাৰ কথা সর্বজনবিদিত৷ এই কথাবোৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাআৰো তেওঁৰ কেবিনেট সতীর্থসকলে নিশ্চয় জানে বুলি মত প্ৰকাশ কৰি গগৈয়ে কয় যে তাৰ পিছতো চৰকাৰে এনে এটা সিদ্ধান্ত গ্ৰহণ কৰাটো ৰহস্যজনক৷অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে এই পদক্ষেপ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমীয়া ভাষা (লগতে অন্য থলুৱা ভাষা)ৰ অস্তিত্ব বিনাশ কৰিবলৈ চলাই অহা ষড়যন্ত্ৰৰে নিশ্চয় অংশ বিশেষ৷ কাৰণ বিজেপি চৰকাৰে ইতিপূৰ্বে এ পি এছ ছিৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ, সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ আদর্শ বিদ্যালয় স্থাপন, অসমীয়া (তথা অন্য থলুৱা ভাষা) ভাষা জীয়াই ৰখা ৰাজহুৱা খণ্ডৰ বিদ্যালয় প্ৰাদেশীকৰণ বন্ধ কৰা আদি কার্যৰ জৰিয়তে অসমীয়া ভাষা বিৰোধী স্থিতিৰ পৰিচয় দি আহিছে৷ তেওঁ কয় যে বৃটিছে অসম দখল কৰাৰ পিছত অসমীয়া ভাষা বিলুপ্ত কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ দৰে এইবাৰ ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ চৰকাৰেও অসমীয়া ভাষা ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷