প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  ইথিওপিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘The Great Honor Nishan of Ethiopia’ সন্মানেৰে সন্মানিত কৰা হয়। ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড° আবি আহমেদ আলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান প্ৰদান কৰে।ভাৰত-ইথিওপিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ব্যতিক্ৰমী অৱদান আৰু বিশ্ব মঞ্চত তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ বাবে এই সন্মান  প্ৰদান কৰা হৈছে। ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ইথিওপিয়াৰ এই মহান ভূমিত আপোনালোক সকলোৰে মাজত থকাটো মোৰ বাবে এক সৌভাগ্যৰ কথা।

ইথিওপিয়াত উপস্থিত হোৱাৰ লগে লগে ইয়াৰ লোকসকলে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ ।ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আলীয়ে মোক বিমানবন্দৰত আদৰিবলৈ আহিছিল।সচাঁকৈ মই আপ্লুত হ’লো। লগতে এই সন্মানৰ বাবে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবি আহমেদ আৰু ইথিওপিয়াৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।   প্ৰধানমন্ত্ৰী মোদী এই বঁটা লাভ কৰা প্ৰথমজন বিশ্ব নেতা। মোদীক সৰ্বোচ্চ সন্মানেৰে সম্বৰ্ধনা জনোৱা ইথিওপিয়া বিশ্বৰ ২৫ সংখ্যক দেশ। প্ৰধানমন্ত্ৰী মোদীৰ ইথিওপিয়ালৈ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। আদিছ আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ড° আবি আহমেদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সৰ্বোচ্চ সন্মান প্ৰদান কৰে।