প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্রিনিডাড এণ্ড টোবাগোৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান প্ৰদান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্রিনিডাড এণ্ড টোবাগোৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- ঘানা ভ্রমণ সামৰি কেৰিবিয়ান দ্বীপপুঞ্জৰ দেশ  ট্রিনিডাড এণ্ড টোবাগোত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী২৫ বছৰৰ মূৰকত দ্বীপ ৰাষ্ট্ৰ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক প্রবাসী ভাৰতীয়ই ভোজপুৰী নৃত্যৰে সম্ভাষণ জনায় আৰু দেশলৈ স্বাগতম জনায়। পিয়ার্কো আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰা প্রধানমন্ত্রী মোদীক দেশলৈ আদৰণি জনাই ট্রিনিডাড এণ্ড টোবাগোৰ প্ৰধানমন্ত্ৰী কমলা প্রসাদ বিশ্বেশ্বৰে। ভাৰতীয় পৰম্পৰাগত সাজ পৰিধান কৰি ৰাজধানী প’র্ট অৱ স্পেইনত প্রধানমন্ত্রী বিশ্বেশ্বৰে মোদীক আড়ম্বৰপূৰ্ণ আদৰণি জনায়।  বিমানবন্দৰত প্ৰধানমন্ত্ৰীসহ কেবিনেটৰ ৩৮ মন্ত্ৰী আৰু ৪ সাংসদে মোদীক ৰাজকীয় আদৰণি জনাই ভাৰতৰ প্ৰতি থকা শ্রদ্ধা প্ৰদৰ্শন কৰে। ভোজপুৰী চৌতাল আৰু ভজনে আকাশ-বতাহ মুখৰ কৰি তোলে। ট্রিনিডাড এণ্ড টোবাগো ভ্ৰমণৰত প্রধানমন্ত্রী মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ ট্ৰিনিডাড এণ্ড টোবাগো’ সন্মানেৰে বিভূষিত কৰা হয়। প্রধানমন্ত্রী বিশ্বেশ্বৰে এই সন্মান অর্পণ কৰে প্রধানমন্ত্রী মোদীক। দুয়োখন দেশৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বৈঠকতো মিলিত হয়। প’র্ট অৱ স্পেইনত আয়োজিত সমূহীয়া কাৰ্যসূচীত প্রধানমন্ত্রী মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু ভাৰতৰ অর্থনীতিক আগুৱাই নিয়াৰ বাবে ভূয়সী প্রশংসা কৰে প্রধানমন্ত্রী বিশ্বেশ্বৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ উপৰি মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি খ্রীষ্টিন কার্লা কাংগালুৰ সৈতেও বৈঠকত মিলিত হয়। এই বৈঠকত বাণিজ্য, শক্তি, প্রযুক্তি আৰু সাংস্কৃতিক সহযোগিতাক লৈ আলোচনা কৰা হয়। ইপিনে, দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ প্ৰতীকী হিচাপে প্রধানমন্ত্রী মোদীয়ে দেশখনৰ দুয়ো সদনক যুটীয়াভাৱে সম্বোধন কৰে। দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰাৰ লগতে দুয়ো দেশৰ মাজত ভৱিষ্যতৰ সমন্বয়ক লৈ ৰূপৰেখা দাঙি ধৰে প্রধানমন্ত্রী মোদীয়ে। বিহাৰৰ পৰা গৈ ট্রিনিডাড এণ্ড টোবাগোক সকলো দিশত আগবঢ়াই নিয়া প্রবাসী ভাৰতীয়ক ভূয়সী প্রশংসা কৰে প্রধানমন্ত্রী মোদীয়ে। পাটনা স্ট্রীটত ভাৰতীয় বংশোদ্ভৱসকলৰ সৈতে প্রধানমন্ত্রী মোদীয়ে বাৰ্তালাপ কৰাৰ সময়ছোৱাত ট্রিনিডাডৰ প্ৰধানমন্ত্ৰী কমলা প্রসাদ বিশ্বেশ্বৰক ‘বিহাৰ কন্যা’ৰূপে সম্বোধন কৰে।