প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান
ৰঙিলী বাৰ্ত্তাসেৱা- পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ কাৰ্যসূচীৰে বিদেশলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুধবাৰে ঘানাত উপস্থিত হৈছিল ৷ ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীৰ এইটোৱেই হৈছে প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ ভিতৰত এয়া প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে।এই দেশখনৰে সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘‘অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’’ সন্মানেৰে সন্মানিত কৰা হয় প্ৰধানমন্ত্ৰী মোদীক ৷ এই দেশখনৰে সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘‘অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’’ সন্মানেৰে সন্মানিত কৰা হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷ ৰাজধানী আক্ৰাত অনুষ্ঠিত এক কাৰ্যসূচীৰ সময়ত ৰাষ্ট্ৰপতি মহামাই প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মান ভাৰতৰ নাগৰিকক উৎসৰ্গা কৰাৰ লগতে এই সন্মানৰ বাবে ঘানাক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম এক্স(X) ৰ জৰিয়তে এক পোষ্টত কয় যে ‘‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’’ সন্মান লাভ কৰাত তেওঁ গৌৰৱান্বিত ।ৰাষ্ট্ৰপতি মহামা, ঘানা চৰকাৰ আৰু ঘানাৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ এই সন্মান বিনম্ৰতাৰে স্বীকাৰ কৰিছো। এই সন্মান মই আমাৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত, আমাৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য আৰু পৰম্পৰা আৰু ভাৰত আৰু ঘানাৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ নামত উৎসৰ্গা কৰিছো’।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘মই ১৪ নিযুত ভাৰতীয়ৰ হৈ এই বঁটা বিনম্ৰভাৱে গ্ৰহণ কৰিছো ।’’ তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা আৰু উজ্জ্বল ভৱিষ্যৎ, ইয়াৰ সাংস্কৃতিক পৰম্পৰা আৰু বৈচিত্ৰ্যৰ লগতে ঘানা আৰু ভাৰতৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ প্ৰতি এই সন্মান উৎসৰ্গা কৰে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাৰ সৈতে বৈঠকত মিলিত হয়। আলোচনাৰ অন্তত ভাৰত আৰু ঘানাৰ বিষয়াসকলে দুয়োখন দেশৰ মাজত চাৰিখন চুক্তি স্বাক্ষৰ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ৰাষ্ট্ৰপতি মহামা আৰু তেওঁ ভাৰত আৰু ঘানাৰ দ্বিপাক্ষিক অংশীদাৰিত্ব সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে।