প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অৰ্ডাৰ অৱ মোবাৰক অল কবীৰ’ৰে সন্মানিত কৰা হয়। কুৱেইটৰ আমিৰ শ্বেখ মেচল অল আহমেদ অল জাবেৰ অল চাবাহৰ আমন্ত্রণমর্মে দুদিনীয়া ভ্রমণসূচীৰে কুৱেইটত থকা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান কৰে দেশখনৰ মুৰব্বীগৰাকীয়ে। বিশ্বৰ কোনো দেশ কিম্বা কোনো ৰাজকীয় পৰিয়ালৰ সদস্যক বন্ধুত্বৰ প্ৰতীক হিচাপে আগবঢ়াই অহা নাইটহুড অৰ্ডাৰ অৱ কুৱেইট সন্মান প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মুৰব্বীগৰাকীৰ পৰা গ্ৰহণ কৰে। কুৱেইটত উপস্থিত হৈ প্রধানমন্ত্রী মোদীয়ে বিভিন্ন বৈঠকৰ লগতে প্রবাসী ভাৰতীয়ৰ সৈতে মিলিত হোৱাৰ পাছত দ্বিতীয় দিনা বায়ান পেলেচত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ৰাজকীয় আদৰণি জনোৱাৰ লগতে গার্ড অৱ অনাৰ দিয়ে। দেশখন ভ্ৰমণৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আমিৰৰ লগতে প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয়। কুৱেইটত বিৰল কূটনীতিক আলোচনাৰ অন্তত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে স্বদেশলৈ উভতি অহাৰ সময়ত বিমানবন্দৰত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ মেচল অল আহমদ অল জাবেৰ অল চাবাহে ব্যক্তিগতভাবে বিদায় সম্ভাষণ জনায়। কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ এই অভাৱনীয় বিদায় সম্ভাষণে দুয়ো দেশৰ মাজত থকা গভীৰ সম্পৰ্ক আৰু শ্রদ্ধাক প্রতিফলিত কৰে। ভ্রমণ সামৰি স্বদেশলৈ উভতি অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত কয়- ধন্যবাদ কুৱেইট। এই ভ্রমণ ঐতিহাসিক আৰু ইয়ে দুয়ো দেশৰ সম্পৰ্কক অধিক গভীৰ কৰি তুলিব। মই চৰকাৰ আৰু কুৱেইটৰ নাগৰিকক উষ্ম আদৰণিৰ বাবে ধন্যবাদ জনাইছোঁ। বিশেষকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমানবন্দৰলৈ মোক বিদায় সম্ভাষণ জনাবলৈ আহিছিল।